নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষকৰ প্রতিবাদলৈ সমর্থন জনোৱা বাবেই ক্ষুব্ধ কেন্দ্রঃ কেজৰিৱাল

নিয়মীয়া বাৰ্তা, ৫ এপ্রিলঃ  আম আদমী পার্টী (আপ)ৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে নির্বাচিত চৰকাৰ এখনৰ ক্ষমতা বিধেয়ক গৃহীত কৰি উপ–ৰাজ্যপালৰ হাতত ন্যস্ত কৰা বিষয়টোক লৈ ক্ষোভ উজাৰি কৈছে যে দিল্লী চৰকাৰে কৃষকৰ প্রতিবাদক সমর্থন জনোৱা বাবেই কেন্দ্রই এই শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰিছে৷

তিনিখন কৃষকবিৰোধী ক’লা আইনৰ বিৰুদ্ধে সংগঠিত প্রতিবাদক দিল্লী চৰকাৰে সমর্থন জনোৱাটো বিজেপিয়ে কেতিয়াও সহজভাৱে গ্রহণ কৰিব পৰা নাই বুলি কালি মুকলিকৈ উল্লেখ কৰিছে কেজৰিৱালে৷ হাৰিয়ানাৰ জিন্দত এক কৃষক মহাপঞ্চায়তত অংশগ্রহণ কৰি কেজৰিৱালে এই কথাও উল্লেখ কৰে যে কেন্দ্রীয় চৰকাৰৰ এনে জনবিৰোধী স্থিতিক কেতিয়াও মানি লোৱা নহ’ব৷

কেন্দ্রই এদিন এনে সিদ্ধান্ত লোৱাৰ বাবেই দেশবাসীয়ে স্বাধীনতা সংগ্রাম কৰিছিল নেকি বুলিও প্রশ্নৰ অৱতাৰণা কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ কৃষকসকলক ষ্টেডিয়ামত বন্দী কৰাৰ বাবে কেন্দ্রই চেষ্টা চলাইছিল বুলি উল্লেখ কৰি কেজৰিৱালে কয় যে এই কাম দিল্লী চৰকাৰে হ’ব নিদিলে৷ তাৰ বাবেই দিল্লী চৰকাৰৰ ওপৰত ৰুষ্ট মোদী চৰকাৰ বুলিও নেতাগৰাকীয়ে উল্লেখ কৰে৷

You might also like