নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্ধ কোঠাত বহি ভোটাৰৰ মন বুজিব নোৱাৰি

সাক্ষাৎগ্রহণ- গুণজিৎ ভট্টাচার্য

বিধানসভা নির্বাচনৰ ফলাফল কেনেকুৱা হ’ব বুলি আশা কৰে? অগপই কিমানখন আসন লাভ কৰিব?
– আপোনালোকে জানে যে ২০১৬ চনৰ নির্বাচনৰ পূর্বৰ ৰাজনৈতিক পৰিস্থিতি কিছু বেলেগ আছিল৷ বিগত নির্বাচনত অগপই বিজেপিৰ সৈতে মিত্রতাৰে অৱতীর্ণ হৈ ১৪খন আসন লাভ কৰিছিল৷ এইবাৰ আমি ২৬খন আসনত পোনপটীয়াকৈ প্রতিদ্বন্দ্বিতা কৰিছোঁ আৰু ২খন আসনত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা কৰিছোঁ৷ নিশ্চিতভাৱে এইবাৰ আমাৰ ফলাফল যথেষ্ট ভাল হ’ব৷ পূর্বতকৈ আসন বৃদ্ধি হ’ব আৰু কেইবাটাও সমষ্টিত আমাৰ দলীয় স্থিতি শক্তিশালী হ’ব৷ মই নির্বাচনী ফলাফল আশা কৰাতকৈ ভাল হ’ব বুলি এই কাৰণেই কৈছোঁ– কিয়নো ২০১৬ চনৰ বিধানসভা নির্বাচনত মিত্রদলে যি প্রতিশ্রুতিৰে শাসনলৈ আহিছিল, সেই প্রতিশ্রুতি পূৰণত আমি বহুখিনি সফল হৈছোঁ৷ ২০১৬ চনৰ পূর্বে ৰাজ্যত যি ব্যাপক দুর্নীতি আৰু অনিয়ম চলিছিল, সেই পৰিৱেশত ৰাইজ অতিষ্ঠ হৈছিল৷ তাৰ পৰা পৰিত্রাণ পাব বিচাৰিছিল৷ মিত্রদলৰ চৰকাৰে এই পৰিৱেশৰ পৰা ৰাইজক পৰিত্রাণ দিবলৈ সক্ষম হৈছে৷ এইবাৰ আমি যিবোৰ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিছোঁ, তাৰ এক আগতীয়া সমীক্ষা প্রস্তুত কৰি তুলিছিলোঁ৷ সেইধৰণে আমি আগবঢ়া বাবে প্রত্যাশিত ফলাফল লাভ কৰিব পাৰিম বুলি আশা কৰিছোঁ৷ বহু সমষ্টিত আমি ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিছোঁ৷ নির্বাচনৰ পূর্বেই আমি আয়োজন কৰা বিভিন্ন সভাবোৰত ৰাইজৰ সঁহাৰিয়ে আমাৰ ভেটি শক্তিশালী কৰিছে৷ আপোনাক এটা কথা জনাই থওঁ– ১৯৮৫ চনৰ পৰা ২০১৬ চনলৈ আমি ৰাজ্যৰ ১২৬টা সমষ্টিৰ ভিতৰৰ ৮৪টা সমষ্টিত এবাৰ হ’লেও জয়যুক্ত হ’বলৈ সক্ষম হৈছোঁ৷ আমাৰ শিপা সেই সমষ্টিবোৰত আছে৷ এই সমষ্টিসমূহত আমাৰ ভেটি শক্তিশালী হৈছে৷ গতিকে এইবাৰ আমি আশা কৰাতকৈ বহু উন্নত ফলাফল লাভ কৰিম৷ মই আপোনাক আসনৰ সংখ্যা ক’ব খোজা নাই৷ কিন্তু এটা কথা নিশ্চিত যে পূর্বতকৈ আমাৰ আসনৰ সংখ্যা বৃদ্ধি হ’ব৷

এইবাৰ নির্বাচনত ৰাজ্যৰ মৌলিক সমস্যাসমূহৰ ওপৰত ইছ্যু হোৱা দেখা নগ’ল৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, অসম চুক্তিৰ ৬নং দফা, ‘কা’ৰ দৰে মূল বিষয়সমূহক বাদ দি কেৱল আজমল হ’ল এইবাৰৰ নির্বাচনৰ মূল ইছ্যু৷ আঞ্চলিক দল ৰূপে অগপই নির্বাচনত এই ইছ্যুসমূহৰ ক্ষেত্রত নীৰৱে থকা দেখা গ’ল৷ কি কয় আপুনি?
– প্রথম কথা হ’ল, ২০১৬ চনৰ নির্বাচনৰ মিত্রদলৰ চৰকাৰখনে যিবোৰ প্রতিশ্রুতি দিছিল, সেয়া আমি ৰূপায়ণ কৰিবলৈ সক্ষম হৈছোঁ৷ কংগ্রেছে ইয়াৰ পূর্বে ১৫ বছৰ ধাৰাবাহিকভাৱে শাসনত আছিল৷ সেই সময়ত ৰাজ্যত অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ ৰাইজে ইয়াৰ পৰা পৰিত্রাণ বিচাৰিছিল৷ সেই পৰিৱেশ বর্তমান আমি আনিবলৈ সক্ষম হৈছোঁ৷ ৰাইজে বিগত সময়ছোৱাত উন্নয়নৰ এক ধাৰাবাহিকতা বিচাৰিছিল৷ ৰাজ্যৰ মূল সমস্যাসমূহৰ সমাধানৰ লগতে উন্নয়নৰ ধাৰাবাহিকতাক আগুৱাই নিয়াৰ বাবে চৰকাৰখনে কাম কৰিছিল৷ আপুনি উল্লেখ কৰা ধৰণে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যি ইছ্যু, সেই বিষয়টোৰ পৰা অগপ কেতিয়াও ফালৰি কাটি অহা নাই৷ অগপই সদায়ে জনজাতিকৰণৰ সপক্ষে থিয় দি আছে৷ নিশ্চিতভাৱে ই নির্বাচনী ইছ্যু হোৱা নাই যদিও আমি এই বিষয়টো সন্দর্ভত নীৰৱে থকা নাই৷ মিত্রদলৰ সদস্য হিচাপে জনজাতিকৰণৰ বিষয়টো কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ ওচৰত কেইবাবাৰো উত্থাপন কৰিছোঁ৷ অকল মিত্রদলৰ সদস্য হিচাপে নহয়, আঞ্চলিক দল হিচাপেও অগপই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে কেন্দ্রীয় চৰকাৰক হেঁচা দি আহিছে৷ এয়া যিহেতু কেন্দ্রীয় চৰকাৰৰ এক্তিয়াৰৰ বিষয়, গতিকে আমি এই ইছ্যুটোত নীৰৱে থকা নাই৷ ৰাজ্যৰ মৰাণ, মটক, আহোম, চুতীয়া, চাহ জনগোষ্ঠী, কোচ ৰাজবংশী– এই জনগোষ্ঠীকেইটাৰ মুঠ জনসংখ্যা ডেৰ কোটি মান হ’ব৷ আমি বিচাৰোঁ– ৰাজ্যৰ আন জনগোষ্ঠীসমূহে জনজাতিকৰণৰ যি মর্যাদা লাভ কৰি আছে, তেওঁলোকৰ স্বার্থত যাতে আঘাত নহয়৷ জনজাতিকৰণৰ বিষয়টোক লৈ ইতিমধ্যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বত গঠন হোৱা কমিটীয়ে এই সন্দর্ভত বিস্তৃত প্রতিবেদন যুগুতাইছে৷ স্পর্শকাতৰ বিষয়সমূহ সন্দর্ভত আন আন সংগঠনৰ প্রতিনিধিসকলৰ সৈতেও আলোচনা কৰা হৈছে৷ আমাৰ কৰণীয় কামসমূহ সম্পন্ন কৰিছোঁ৷ এতিয়া বিষয়টো কেন্দ্রীয় চৰকাৰৰ হাতত আছে৷ আনহাতে, অসম চুক্তিৰ ৬নং দফা কার্যকৰী কৰাৰ ক্ষেত্রত মই কওঁ যে এই বিষয়টোক লৈ ৩৫ বছৰ পাৰ হৈ গ’ল৷ বহুজন শ্বহীদ হ’ল৷ বহু যুৱক পংগু হ’ল৷ ১৯৭১ৰ যি ভিত্তিবর্ষ, তাৰ বিপৰীতে আমাক ৬নং দফা দিয়া হৈছিল৷ কিন্তু বিগত সময়ছোৱাত এই ৬নং দফা কার্যকৰী কৰাৰ বাবে কোনো পদক্ষেপ গ্রহণ কৰা নহ’ল৷ মিত্রদলৰ চৰকাৰে প্রথমবাৰৰ বাবে ৬নং দফা কার্যকৰী কৰাৰ ক্ষেত্রত অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বত এখন উচ্চস্তৰীয় কমিটী গঠন কৰিলে৷ এই কমিটীয়ে ইতিমধ্যে দাখিল কৰা প্রতিবেদন কেন্দ্রীয় চৰকাৰে পৰীক্ষা কৰি আছে৷ তদুপৰি অগপই ৬নং দফা কার্যকৰী কৰাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রীক সাক্ষাৎ কৰি আমাৰ দলৰ স্থিতি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ ওচৰত প্রকাশ কৰিছোঁ৷ আন এক মৌলিক সমস্যাৰ বিষয়ে আপুনি উল্লেখ কৰিছে– সেয়া হ’ল ‘কা’৷ এই বিষয়টো যথেষ্ট গুৰুত্বপূর্ণ৷ ‘কা’ সন্দর্ভত অগপৰ স্থিতি কি, সেয়া সকলোৱে জানে৷ এই আইন কার্যকৰীকৰণৰ ক্ষেত্রত থকা আইনী দিশবোৰ উল্লেখ কৰি আমি ইতিমধ্যে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছোঁ৷ কিন্তু মই এটা কথা আপোনাক স্পষ্ট কৰোঁ যে ‘কেব’ বাতিলৰ বাবে যি এক আন্দোলন হৈছিল, সেই আন্দোলনৰ প্রভাৱ ২০১৯ চনৰ লোকসভা নির্বাচনত তিলমাত্রও নপৰিল৷ আপুনি লক্ষ্য কৰিব– ‘কা’ বাতিল কৰা অথবা ইয়াক কার্যকৰী কৰাৰ সকলো বিধায়িনী ক্ষমতা লোকসভাৰ ওপৰত ন্যস্ত হৈ আছে৷ ‘কা’ বাতিলৰ ক্ষেত্রত অসমৰ সাংসদসকলৰো ভূমিকা আছিল৷ কিন্তু ‘কেব’ বাতিলৰ বাবে যি শক্তি সমুখলৈ আহিছিল অথবা আন্দোলনকাৰীসকলে এয়া বাতিলৰ সপক্ষে থিয় হোৱা লোকক জয়যুক্ত কৰাব নোৱাৰিলে৷ অর্থাৎ ৰাইজৰ ওপৰত ‘কেব’ৰ প্রভাৱ নপৰিল৷ লোকসভা নির্বাচনেই নহয়, পঞ্চায়ত নির্বাচনতো ইয়াৰ কোনো প্রভাৱ নপৰিল৷ এই বিষয়টো যথেষ্ট গুৰুত্বপূর্ণ৷

নতুন আঞ্চলিক দল ৰূপে অসম জাতীয় পৰিষদে নির্বাচনত বিশেষ মাত্রা লাভ কৰিছে বুলি চর্চা চলিছে৷ তাৰ বিপৰীতে অগপই ৰাষ্ট্রীয়তাবাদৰ ওচৰত আত্মসমর্পণ কৰা বুলি অভিযোগ উঠিছে৷ আঞ্চলিকতাবাদী ৰাজনীতিৰ পৰা অগপ আঁতৰি আহিছে নেকি?
– বিষয়টো ঠিক তেনেকুৱা নহয়৷ মিত্রতাৰ ৰাজনীতি এটা সময়ৰ ৰাজনীতি৷ আপুনি মন কৰিব– কেইবাটাও দল লগ হৈ এন ডি এ হৈছে, ইউ পি এ হৈছে৷ মিত্রতা মানে আত্মসমর্পণ নহয়৷ মিত্রতা মানে একেলগে আগবঢ়া৷ মিত্রতা কৰি শক্তিশালী ৰূপত যুঁজ দিয়া৷ বিজেপিৰ সৈতে মিত্রতা কৰি অগপই দলীয় নীতি–আদর্শৰ পৰা বিচলিত হোৱা নাই৷ অগপই এইবাৰে মিত্রতাত আবদ্ধ হোৱা নাই৷ ১৯৯৬ চনত বামপন্থী দলৰ সৈতে অগপই মিত্রতা কৰি চৰকাৰ গঠন কৰিছিল৷ ২০০১ চনতো বিজেপিৰ সৈতে মিত্রতা কৰি প্রতিদ্বন্দ্বিতা কৰিছিল অগপই৷ আঞ্চলিক দলৰূপে পূর্বে যি শক্তিশালী হৈ আছিল, আজিও অগপ একেধৰণে শক্তিশালী হৈ আছে৷ নির্বাচনত অসম জাতীয় পৰিষদ নামৰ দলটোৱে বিশেষ মাত্রা লাভ কৰা বুলি আপুনি কৈছে৷ কিন্তু এই দলটোৰ জন্মৰ কাৰণ হ’ল কংগ্রেছ আৰু এআইইউডিএফক সহায় কৰা৷ আঞ্চলিকতাবাদী শক্তিক দুর্বল কৰাৰ বাবেহে এই দলৰ জন্ম৷ আপোনাক এটা কথা মই কৈ থওঁ– মিত্রতাক লৈ যিসকলে অগপক সমালোচনা কৰে, সেইসকলৰ লক্ষ্য হ’ল কংগ্রেছ–এআইইউডিএফক্ ক্ষমতালৈ অনাটো৷ টিভিৰ টক শ্ব’ত বহি যিসকলে নিজকে বুদ্ধিজীৱী বুলি পৰিচয় দিয়ে, অগপৰ শুভাকাংক্ষী বুলি পৰিচয় দিয়ে, সেইসকলে কিন্তু অগপ শক্তিশালী হোৱাটো নিবিচাৰে৷ তেওঁলোকৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ’ল কংগ্রেছ–এআইইউডিএফক্ শক্তিশালী কৰা৷ অগপক বিভিন্ন ধৰণে শ’লঠেকত পেলাই দুর্বল কৰি নির্বাচনত কংগ্রেছ–এআইইউডিএফক্ জয়যুক্ত কৰোৱাটোৱে এওঁলোকৰ চিন্তা৷ এইবাৰ নির্বাচনত এনে তথাকথিত শুভাকাংক্ষীসকলক ৰাইজে ভালকৈ চিনি পাইছে৷ বিজেপি–গপ এক হোৱা মানে শক্তিশালী হোৱা৷ এই মিত্রতাই শক্তিশালী ৰূপ ল’লে কংগ্রেছ ক্ষমতালৈ আহিব নোৱাৰে৷ গতিকে কংগ্রেছক ক্ষমতালৈ অনাৰ স্বার্থত সেইসকল লোকে অগপ–বিজেপিৰ মিত্রতাক সমালোচনা কৰে, অগপই আঞ্চলিকতাবাদক বিসর্জন দিয়া বুলি কয়, অগপ ক্রমাৎ ৰাষ্ট্রীয়তাবাদৰ ফালে ধাৱমান হোৱা বুলিও এওঁলোকে সমালোচনা কৰি আমাক দুর্বল কৰিব বিচাৰে৷

 প্রার্থিত্বক কেন্দ্র কৰি অগপত সংঘাতৰ সৃষ্টি হৈছিল৷ কেৱল মন্ত্রিত্বৰ স্বার্থতেই অগপই দলৰ শক্তিশালী স্থিতি থকা সমষ্টি এৰি দিয়া বুলি অভিযোগ উঠিছে৷ অগপই লখিমপুৰৰ পৰিৱর্তে নাওবৈচা, কমলপুৰৰ পৰিৱর্তে সৰুক্ষেত্রী সমষ্টি লোৱাৰ কাৰণ কি? এই বিষয়বোৰে অগপক অনাগত দিনত দুর্বল নকৰিবনে?
– মই আগতে উল্লেখ কৰিছোঁ– মিত্রতা মানে আত্মসমর্পণ নহয়৷ মিত্রতা মানে কাৰোবাৰ তলত কাম কৰা নহয়৷ সমানেই শক্তিশালী ৰূপত খোজ দিয়া৷ মিত্রতাৰ ক্ষেত্রত কিছু এৰা–ধৰা হ’বই লাগিব৷ অকল অগপই নির্বাচনত ত্যাগ কৰা নাই৷ বিজেপিয়েও তেওঁলোকৰ শক্তিশালী স্থিতি থকা সমষ্টি অগপক এৰি দিছে৷ চাবুৱা, ৰহা– এই সমষ্টি দুটাত বিজেপি বিধায়ক আছিল৷ আমি যিদৰে লখিমপুৰ, কমলপুৰ সমষ্টি এৰি দিছোঁ, তেওঁলোকেও দখলত থকা দুটাকৈ সমষ্টি এৰি দিছে৷ এৰা–ধৰাৰ বিষয়টো এনে নহয় যে লখিমপুৰৰ পৰিৱর্তে নাওবৈচা বিচাৰিছোঁ অথবা কমলপুৰৰ পৰিৱর্তে সৰুক্ষেত্রী সমষ্টি বিচাৰিছোঁ৷ য’ত আমাৰ দলৰ জয়ৰ সম্ভাৱনা বেছি, সেই সমষ্টিতে আমি প্রতিদ্বন্দ্বিতা কৰিছোঁ৷

’৮৫ৰ বহুকেইজন নেতাক এইবাৰৰ নির্বাচনৰ পৰা আঁতৰাই ৰখা হ’ল৷ ইয়াৰ দ্বাৰা অগপৰ জ্যেষ্ঠ নেতাসকলক বিদায় দিয়া হ’ল নেকি?

 এইটো ঠিক যে আমি দললৈ নতুন তেজৰ আমদানি কৰিছোঁ৷ কিন্তু আমি পুৰণিক বিদায় দিয়া নাই৷ নতুন ডেকাশক্তিক দললৈ আনি দলক শক্তিশালী কৰাৰ ক্ষেত্রত পদক্ষেপ গ্রহণ কৰা হৈছে৷ ন–পুৰণি সদস্যৰ দলক আগুৱাই নিয়াৰ লক্ষ্য লোৱা হৈছে৷ ’৮৫ৰ সকলো নেতাক আমি এইবাৰ প্রার্থিত্ব নিদিয়াটো সঁচা, কিন্তু এইবাৰো ’৮৫ৰ কেইবাজনো নেতাই শক্তিশালী ৰূপত জয়ী হৈ আহিব৷ আমি মাত্র অগপৰ জয়ৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্য লৈছোঁ৷ য’ত আমাৰ জয়ৰ সম্ভাৱনা কম, তাত কিছু সালসলনি ঘটোৱা হৈছে৷ কিন্তু এই নেতাসকলক কোনো কাৰণতে উপেক্ষা কৰা নাই৷ তেওঁলোকৰ অভিজ্ঞতা আৰু নতুন শক্তিৰ উৎসাহৰ বাবে অগপই পূর্বৰ দৰে শক্তিশালী ৰূপত এইবাৰ নির্বাচনত ভুমুকি মাৰিব৷

You might also like