জামিন বিচাৰি পুনৰ মুখথেকেচা ৰাকেশ পালৰ
নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ অসম লোকসেৱা আয়োগৰ (এ পি এছ চি) কেলেংকাৰিত মূল অভিযুক্ত ৰাকেশ পালৰ জামিন আবেদন পুনৰ নাকচ হৈছে৷ ষষ্ঠবাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা জামিন আবেদন আজি ন্যায়াধীশ ৰুমী কুমাৰী ফুকনৰ আদালতে নাকচ কৰে৷ উল্লেখ্য যে গুৱাহাটীৰ ভঙাগড় আৰক্ষী থানাত পঞ্জীভুক্ত হৈ থকা এটা গোচৰৰ ভিত্তিত গ্রেপ্তাৰ হোৱা ৰাকেশ পালৰ বিৰুদ্ধে কৃষি বিভাগৰ ২৭টা পদৰ পৰীক্ষাৰ ক্ষেত্রত চৰম অনিয়ম কৰাৰ অভিযোগ দাখিল হৈছিল৷ এ পি এছ চিৰ অধীনত এই পদকেইটাৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ বহী খেলিমেলি কৰাৰ লগতে একাংশ প্রার্থীক পৰীক্ষাৰ পাছত লিখিবলৈ সুবিধা প্রদান কৰা হৈছিল৷ উক্ত গোচৰৰ জামিন আবেদন বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও ন্যায়ালয়ে আজি তেওঁৰ জামিন আবেদন নাকচ কৰে৷ উল্লেখ্য যে এতিয়ালৈ ষষ্ঠবাৰৰ বাবে ৰাকেশ পালৰ জামিন আবেদন নাকচ কৰিছে ন্যায়ালয়ে৷