নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়াৰ দিনা দৰাই গম পালে কইনা তেওঁৰ ভনীয়েক, কাৰণটো জানিলে চকুপানী ওলাব আপোনাৰ…

নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ  এক আজৱ ঘটনা পোহৰলৈ আহিছে। যি কোনেও সপোনতো কল্পনা নকৰে। পুত্ৰৰ বিবাহ অনুষ্ঠানত অহা দৰাৰ মাকে কইনাৰ হাতখনত চকু পৰাৰ লগে লগে হুকহুকাই কান্দি দিয়াৰ পিছতে ঘটনাই নাটকীয় মোৰ লয়।

ঘটনাটো চীনৰ। চীনত এই বিবাহ অনুষ্ঠানৰ কইনাজনী দৰাৰ ভগ্নী বুলি জানিব পাৰে পৰিয়ালৰ লোকে। দৰাৰ মাকে কইনাৰ হাতত এটা জন্মগত চিহ্ন থকা দেখি নিজ জীয়াৰী বুলি সন্দেহ হয় আৰু জানিব পাৰে কইনা ৰূপী ছোৱালীয়েই তেওঁৰ সন্ধানহীন জীয়াৰী।

দৰাৰ মাকে কইনাৰ হাতত থকা জন্মগত চিহ্নটোক লৈ কইনাৰ মাক-দেউতাককো সোধে। তেতিয়া ওলাই পৰে যে তেওঁলোকে ছোৱালীজনীকো তুলি লৈছিল। ২০ বছৰৰ পূৰ্বে  সন্ধানহীন হৈছিল ছোৱালীজনী।

কিন্তু আচৰিতভাৱে এই কাহিনীটো গম পোৱাৰ পিছতো বিবাহখন সম্পন্ন হয়। কাৰণ দৰাও তোলনীয়া সন্তান আছিল তেওঁলোকৰ। সেইবাবে কইনাৰ মাকৰ কোনো আপত্তি নাছিল।

এক আজব ঘটনাৰ মাজেৰে শেষ হয় বিবাহানুষ্ঠান। উপস্থিত থকা লোকসকলেও যথেষ্ট আৱেগিক পৰিৱেশৰ মাজত দৰা-কইনাক আশীৰ্বাদ দিয়ে।

You might also like