নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ গৰু বিহুঃ হেঁপাহৰ উছৱৰ আনন্দত মতলীয়া চিৰি লুইতৰ দুয়োপাৰ

বন্ধ থাকিব কেন্দ্রীয় চৰকাৰৰ কার্যালয়

নিয়মীয়া বাৰ্তা ১৩ এপ্ৰিলঃ অসমীয়াৰ প্রাণৰ উৎসৱ ৰঙালী বিহুলৈ মাজত মাথোঁ এটা দিন৷ অহা বুধবাৰে ৰাজ্যজুুৰি পালন কৰা হ’ব গৰুবিহু৷ ইয়াৰ লগে লগে আৰম্ভ হ’ব ৰঙালী বিহুৰ পাৰভগা উছাহ৷ গৰুবিহুৰে আৰম্ভ কৰি ৰাজ্যবাসীয়ে সাত বিহুৰ পৰম্পৰা পালন কৰিব৷ ইতিমধ্যে ৰঙালী বিহুৰ প্রস্তুতি সম্পূর্ণ কৰি তোলা হৈছে৷ মানুহ বিহুৰ পুৱা আপোনজনক উপহাৰ দিবলৈ শিপিনীয়ে বৈ উলিয়াইছে ফুলাম বিহুৱান৷ পিঠা–পনা বনোৱাৰ বাবে আখলত ব্যস্ত হৈ পৰিছে গৃহিণী৷ ঢ়োল–পেঁপা–গগণাৰ শব্দত ৰজনজনাইছে আকাশ–বতাহ৷ মুঠতে হেঁপাহৰ উৎসৱৰ আনন্দ লহৰত উতলা হৈ পৰিছে লুইতৰ দুয়োপাৰ৷ গছ–লতা–বিৰিখে নিয়ম অনুযায়ীয়ে এক নতুন ৰূপ ধাৰণ কৰিছে৷ প্রকৃতিয়ে বিনন্দীয়া ৰূপত সাজোন–কাচোনেৰে সাজু হৈছে ব’হাগক আদৰিবলৈ৷ ভৰ দুপৰীয়া নির্জন হাবিৰ পৰা মৌমিঠা শব্দৰে চ’তৰ আৰম্ভণিৰ পৰাই কুলিৰ মাতে ব’হাগ অহাৰ বতৰা দিয়াৰ পাছতেই অসমীয়াৰ গা সাতখন–আঠখন হৈ পৰিছে৷ মহামাৰী ক’ৰোনাৰ আতংককো চেৰ পেলাই চৌপাশে বাজি ডঠিছে ঢ়োলৰ গুমগুমনি৷ জিলা ছাত্র সন্থাৰ লগতে বহুকেইটা অনুষ্ঠান–প্রতিষ্ঠানে গৰুবিহুৰ দিনাৰ পৰা সপ্তাহজোৰা ৰঙালীক আদৰাৰ প্রস্তুতি তুংগত তুলিছে৷

তদুপৰি নগৰখনৰ বাটে–ঘাটে দেখা গৈছে অনেক বতৰৰ ফল৷ বর্তমান বিলুপ্তপ্রায় হৈ পৰা নুনী, নগা টেঙা আৰু থেৰেজু এই আপুৰুগীয়া ফলকেইবিধে নগৰখনত বজাৰ দখল কৰাত স্বাভাৱিকতেই নতুন প্রজন্মৰ মাজত পুনৰ পৰিচয় লাভ কৰিছে৷ হেঁপাহৰ ৰঙালী বিহুৰ প্রাক্মুহূর্তত নগৰৰ বাটে–ঘাটে আন দিনা নেদেখা এক পৰিৱেশ সৃষ্টিৰে ক্ষুদ্র ব্যৱসায়ীয়ে নিজৰ ব্যৱসায় সবল কৰি তোলাৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ য’ত ঘৰখনত ব্যৱহূত বিছনা চাদৰখনৰ পৰা কাঁহী–বাটিলৈকে মানুহে ক্রয় কৰাৰ লগতে অসমীয়াৰ হিয়াৰ আপোন হেঁপাহৰ গামোচাখন নিজৰ তাঁতশালত বৈ বজাৰত বিক্রী কৰিবলৈ অহা পৰিলক্ষিত হৈছে৷ কিন্তু একে সময়তে বিভিন্ন কাপোৰৰ বিপণীত চালানী বাৰাণসী গামোচাই প্রশাসনৰ চকুত ধূলি দি থলুৱা গামোচা বুলি ৰাইজক ঠগি বিক্রী কৰাও পৰিলক্ষিত হৈছে৷

ইয়াৰ উপৰি বহু সংসৃকতিৱান ব্যক্তিয়ে ব’হাগতে মুক্তি দিবলৈ লৈছে বহুকেইটা বিহুগীতৰ এলবাম৷ শিৱসাগৰ নাট্য মন্দিৰত আক্রাম হুছেইনৰ পৰিচালনাৰে মুক্তি পাব ‘ব’হাগী’ আৰু ‘বৰুৱা মাষ্টৰৰ জীয়েক’ (অসমীয়া ৱেব ছবি)৷ এনে পৰিৱেশৰ মাজতেই হেঁপাহৰ ৰঙালী বিহুটিক আদৰাৰ ভিন্নজনে, ভিন্ন অনুষ্ঠানে প্রস্তুতি তুংগত তুলিছে৷ ঠিক সেই সময়তেই ক’ভিডৰ সংক্রমণে চিন্তিত কৰি তুলিছে৷ বহুদিন বৰষুণ নোহোৱাৰ ফলত চৌদিশে ধূলিৰ ধুমুহাই আন এক প্রদূষিত পৰিৱেশ সৃষ্টি কৰিছে৷ চিকিৎসালয় আৰু নার্ছিং হোমত যোৱা এটা পষেকত বাঢ়িবলৈ ধৰিছে সাধাৰণ জ্বৰ আৰু পানীলগাজাতীয় ৰোগীৰ সংখ্যা৷ তদুপৰি একাংশই চিকিৎসকৰ পৰামর্শ গ্রহণ নকৰি ঔষধ প্রতিষ্ঠানৰ পৰাই দৰব সংগ্রহ কৰাও পৰিলক্ষিত হৈছে৷ এনেবোৰ পৰিৱেশৰ মাজত ৰঙালীক আদৰাৰ প্রস্তুতি যি চলি আছে, তাক অতি সাৱধানে আৰু নিজৰ স্বাস্থ্যৰ প্রতি নিজে সজাগ হোৱাকৈ হেঁপাহৰ ৰঙালীক আদৰিবলৈ স্বাস্থ্য বিভাগ আৰু প্রশাসনে আহ্বান জনাইছে৷
১৫ এপ্রিলত ৰঙালী বিহুৰ বন্ধ ঘোষণা কেন্দ্রীয় চৰকাৰৰ
অহা ১৫ এপ্রিলত অসমৰ কেন্দ্রীয় কর্মচাৰীসকলে লাভ কৰিব ৰঙালী বিহুৰ বন্ধ৷ আজি অনুষ্ঠিত কেন্দ্রীয় চৰকাৰৰ কল্যাণ সমন্বয়ৰক্ষী সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ ৰঙালী বিহুৰ বন্ধ প্রত্যাহাৰক লৈ ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়া সৃষ্টি হৈছিল৷

You might also like