এদিনীয়া ৰেংকিঙৰ শীর্ষলৈ বাবৰ আজম
নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ এদিনীয়া ক্রিকেটত সুদীর্ঘ চাৰি বছৰজোৰা আধিপত্যৰ অন্ত পৰিল বিৰাট কোহলিৰ৷ টীম ইণ্ডিয়াৰ তাৰকাগৰাকীক চেৰ পেলাই আই চি চি এদিনীয়া ৰেংকিঙৰ সিংহাসনত অধিষ্ঠিত হৈছে পাকিস্তানৰ বিৰল প্রতিভাৱান বেটছমেন বাবৰ আজম৷ ২০১৫ত অভিষেক ঘটা ২৬ বছৰীয়া বাবৰে বৃহস্পতিবাৰে ঘোষিত এদিনীয়া ৰেংকিঙৰ শীর্ষস্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷
ধাৰাবাহিকভাৱে উন্নত প্রদর্শন দাঙি ধৰি অহা পাকিস্তানৰ তাৰকাগৰাকীয়ে এতিয়ালৈকে ৮০খন এদিনীয়াত গড় ৫৬.৮৩কৈ মুঠ ৩,৮০৮ ৰান সংগ্রহ কৰিছে৷ আই চি চি এদিনীয়া ৰেংকিঙৰ শীর্ষস্থান অধিকাৰ কৰা বাবৰ হ’ল পাকিস্তানৰ চতুর্থগৰাকী বেটছমেন৷
ইয়াৰ পূর্বে পাকিস্তানৰ কিংবদন্তি বেটছমেন জাহিৰ আব্বাছ, জাভেদ মিঞাদাদ আৰু মহম্মদ ইউছুফে আই চি চি এদিনীয়া ৰেংকিঙৰ সিংহাসনত বহিছিল৷ টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে ২০১৭ৰ অক্টোবৰৰ পৰা এদিনীয়াৰ শীর্ষস্থানপ্রাপ্ত বেটছমেন হিচাপে আন্তঃৰাষ্ট্রীয় ক্রিকেটত আধিপত্য বিস্তাৰ কৰিছিল৷