নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভা নির্বাচনৰ সময়ত অসমত নাছিল ক’ভিডঃ ড০ শর্মা

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ নির্বাচনৰ সময়ত অসমত ক’ভিড নাছিল৷ বুধবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই মন্তব্য কৰি কয় যে ক’ভিড থাকিলে সেয়া লুকুৱাই ৰাখিব পৰা বিষয় নহয়৷ ক’ভিডত কাৰোবাৰ মৃত্যু হ’লে বা কোনোবা আক্রান্ত হ’লে তেওঁলোকে নিজেই ৰাজহুৱা কৰিলেহেঁতেন৷

ক’ভিডত হোৱা মৃত্যু বা আক্রান্তৰ বিষয়ে লুকুৱাই ৰাখিব নোৱাৰি৷ মৃতদেহ লুকুৱাব পাৰি নেকি? সংবাদ মাধ্যমে তেওঁলোকৰ নামেই পাই গ’লহেঁতেন৷ যোৱা ৯ এপ্রিলৰ পূর্বে নির্বাচনৰ সময়ত অসমত ক’ভিডত মৃত্যু কেইজনৰ হৈছিল বুলি প্রশ্ন কৰি তেওঁ কয় যে ক’ভিডৰ বিষয়ে লুকুৱাবলৈ হ’লে অসমৰ সকলো মেডিকেল কলেজ, নার্ছিং হোম, চিকিৎসক তেওঁৰ সৈতে ষড়যন্ত্রত লিপ্ত হ’ব লাগিব৷ অর্থাৎ ১০ হাজাৰ লোক তেওঁৰ সৈতে ষড়যন্ত্রত লিপ্ত থাকিব লাগিব৷ কিন্তু বহু চিকিৎসক কংগ্রেছ, এআইইউডিএফৰ লগত জড়িত৷ তেতিয়া হ’লে সকলো মিলি তেওঁৰ লগত ষড়যন্ত্রত লিপ্ত হ’ব নেকি বুলি প্রশ্ন কৰি তেওঁ কয় যে তেনে চিন্তা হৈছে উদ্ভট চিন্তা৷ জুইত যিমানে পুৰিব সোণ সিমানে উজ্জ্বল হয় বুলি মন্তব্য কৰি ড০ শর্মাই কয় যে যিমানেই তেওঁৰ বদনাম হয়, সিমানেই তেওঁৰ সভাত মানুহ হয় সেয়া নির্বাচনী সভাসমূহে প্রমাণ কৰিছে৷

You might also like