নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ জ্যেষ্ঠ পুত্ৰ আশিস য়েচুৰী। বৃহস্পতিবাৰে পুৱা ৫.৩০ বজাত নতুন দিল্লীত প্ৰাণ হেৰুৱায় আশিস য়েচুৰীয়ে। আজি পিতৃ সীতাৰাম য়েচুৰীয়ে টুইটাৰযোগে সদৰী কৰিলে এই কথা।
তেওঁ টুইটযোগ জনায় যে, ‘অতি দুখেৰে মই জনাও যে আজি পুৱা মোৰ জ্যেষ্ঠ পুত্ৰ আশিস য়েচুৰীক ক’ভি়ড-১৯ ৰ ফলত হেৰুৱাইছো । যিসকলে আমাক সান্তনা দিছিল আৰু তেওঁৰ চিকিৎসা কৰিছিল তেওঁলোকক মই ধন্যবাদ জনাব বিচাৰো । বিশেষকৈ চিকিৎসক, নাৰ্চ, স্বাস্থ্য কৰ্মী, আৰু সংকটকালত আমাৰ কাষত থিয় দিয়া সকলোকে অশেষ ধন্যবাদ’।
CPI(M) leader Sitaram Yechury’s son, Ashish Yechury passes away due to #COVID19. pic.twitter.com/vM5FcdOm1Q
— ANI (@ANI) April 22, 2021