দেশজুৰি ক’ভিড ৰোগীৰ মৃতদেহ সৎকাৰৰ ব্যৱসায় গঢ়িছে দালালে
নিয়মীয়া বাৰ্তা, ২২ এপ্রিলঃ এফালে আপোনজনক চিৰদিনৰ বাবে হেৰুওৱাৰ মর্মান্তিক বেদনা, আনপিনে আপোনজনৰ মৃতদেহ চিতা কিম্বা সমাধিস্থ কৰিবলৈ অভাৱনীয় অসুবিধাৰ সন্মুখীন৷ এই পৰিস্থিতিত ক’ভিড–১৯ ৰোগীৰ মৃতদেহ সৎকাৰ কৰাৰ ক্ষেত্রত মৃতকৰ পৰিয়ালৰ দুর্যোগৰ সুযোগ লৈছে দালালে৷
এচাম দালালে চিকিৎসালয় কর্তৃপক্ষৰ সৈতে বুজাবুজিৰে মৃতদেহ সৎকাৰৰ বাবে পৰিয়ালৰ লোকৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্রহ কৰি আছে৷ উত্তৰ প্রদেশ, দিল্লী, বিহাৰকে ধৰি কেইবাখনো ৰাজ্যত মৃতদেহ সৎকাৰ কৰিবলৈ শ্মশানৰ অভাৱ বৃদ্ধি পোৱাত দালাল প্রকৃতিৰ লোকে ব্যৱসায় গঢ়ি তুলিছে৷
অন্ত্যেষ্টিক্রিয়া সেৱা সংস্থাৰ নাম লৈ বাংগালুৰু, চেন্নাই, দিল্লী আৰু জয়পুৰত দালালে ক’ভিড ৰোগীৰ মৃতদেহ সৎকাৰৰ নামত ৩০ৰ পৰা ৮০ হাজাৰ পেকেজ বন্দৱস্তি কৰে৷ দালালে ক’ভিড–১৯ত মৃত্যু ঘটা লোকৰ পৰিয়ালক সাক্ষাৎ কৰি তেওঁলোকৰ মৃতদেহটো সৎকাৰৰ বাবে প্রস্তাৱ আগবঢ়ায়৷
এই দালাল প্রকৃতিৰ লোকসকলে শ্মশানৰ অভাৱ, চিতাৰ অভাৱ, সমাধিস্থ কৰাৰ বাবে ভূমিৰ অভাৱ আদি টকাৰ বিনিময়ত সমাধান কৰি লোভনীয় ব্যৱসায় গঢ়ি তুলিছে অন্ত্যেষ্টিক্রিয়া সেৱা প্রতিষ্ঠানে৷ বাংগালুৰুস্থিত অন্ত্যেষ্টিক্রিয়া সেৱাৰ চহৰ প্রবন্ধক চম্পদ বাংগাৰামে প্রকাশ কৰা মতে ক’ভিড–১৯ৰ মৃতদেহ সৎকাৰৰ সমগ্র ব্যৱস্থা তেওঁলোকে কৰি দিয়ে৷
হাস্পতালৰ পৰা মৃতদেহ অনাৰ পৰা শ্মশানৰ চিতাত জ্বলোৱালৈকে ব্যৱস্থা কৰি দিয়ে৷ আনকি প্রয়োজনীয় পুৰোহিতৰ লগতে আন সামগ্রীও যোগান ধৰি দিয়ে৷ ইয়াৰ বিনিময়ত তেওঁলোকে ৩২ হাজাৰৰ পৰা ৮০ হাজাৰলৈকে টকা লয়৷ তাৎপর্যপূর্ণ যে আন–ই–কমার্চ প্লেটফর্মৰ দৰেই অন্ত্যেষ্টিক্রিয়া সেৱাৰো অনলাইনযোগেও নিজৰ নাম পঞ্জীয়ন কৰিব পাৰে৷