বটদ্রৱা সমষ্টিত কিয় পৰাজয়ৰ সন্মুখীন হ’ল আঙুৰলতা ডেকা? নিজেই ক’লে এইদৰে…
নিয়মীয়া বাৰ্তা, ৪ মে’: বিজেপিৰ অন্যতম নেত্রী আঙুৰলতা ডেকাই বটদ্রৱা সমষ্টিত কংগ্রেছ প্রার্থীগৰাকীৰ হাতত শোচনীয়ভাৱে বিপর্যস্ত হয়৷ দেওবাৰে ফলাফল ঘোষিত অসম বিধানসভা নির্বাচনত বহু হেভীৱেইট প্রার্থী পৰাজিত হৈছে৷ পৰাজয়বৰণ কৰা হেভীৱেইট প্রার্থীসকলৰ ভিতৰত অন্যতম হৈছে আঙুৰলতা ডেকা। কংগ্ৰেছৰ শিৱামনি বৰাৰ হাতত পৰাস্ত হয় বিজেপিৰ আঙুৰলতা ডেকা।
ইপিনে নিৰ্বাচনৰ ফলাফলৰ দুদিন পাছতে নিজৰ পৰাজয়ৰ বিষয়ে ছ’চিয়েল মিডিয়াযোগে প্ৰকাশ কৰিলে আঙুৰলতাই। লগতে ছ’চিয়েল মিডিয়াত ব্যাপকৰূপে ভাইৰেল হোৱা তেওঁৰ এটা ভিডিঅ’ক লৈয়ো তেওঁ নিজৰ মত ব্যক্ত কৰিছে। পোষ্টটোত তেওঁ লিখিছে-
