নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ পৰা কার্যকৰী হ’ব “বিবাহিতা কন্যালৈ এতোলা সোণ”

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ প্রতিবাদী আন্দোলনেৰে বছৰটো সমাপ্ত হোৱাৰ বিপৰীতে নৱবর্ষৰ আৰম্ভণিতে সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ বিবাহ পাশত আবদ্ধ হ’বলগীয়া কন্যা সন্তানৰ বাবে৷

উল্লেখ্য যে ৰাজ্য চৰকাৰে পূর্বে ঘোষণা কৰা অনুসৰি অৰুন্ধতী আঁচনিৰ জৰিয়তে এক জানুৱাৰীৰ পৰা কার্যকৰী হোৱাকৈ লাভ কৰিব এক তোলাকৈ সোণ৷ ৰাজ্য চৰকাৰৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বাজেট ঘোষণাৰ জৰিয়তে ইতিপূর্বে ঘোষণা কৰিছিল যে বিবাহত আবদ্ধ হোৱা কন্যা সন্তানসকলক এক তোলাকৈ সোণ দিয়া হ’ব৷ ২০১৮–১৯ বর্ষৰ বাজেট দাখিল জৰিয়তে কৰা এই ঘোষণা আজিৰ পৰা অর্থাৎ ১ জানুৱাৰীৰ পৰা কার্যকৰী কৰা হ’ব৷

সেই অনুসৰি এতিয়াৰে পৰা কোনো কন্যা সন্তানৰ বিবাহ হ’লে যুৱতীগৰাকীৰ একাউণ্টত ৩০ হাজাৰ জমা হ’ব৷ অৱশ্যে ইয়াৰ বাবে পূৰণ কৰিব লাগিব এলানি চর্ত৷ সেই অনুসৰি কন্যা সন্তানৰ বিবাহ বিশেষ আইন ১৯৫৪ৰ অধীনত কৰিব লাগিব৷ একেদৰে কন্যা সন্তানৰ বিবাহ উপযুক্ত বয়সত হ’ব লাগিব৷ তদুপৰি পৰিয়ালৰ বার্ষিক আয় ৫ লাখ টকাৰ কম হ’ব লাগিব৷

You might also like