নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাত অবৈধ শিল বেহা, ১০ খন শিল সৰবৰাহ কৰা ডাম্পাৰ আৰক্ষীৰ তালাচীত আবদ্ধ, বনকৰ্মী নহাত ডাম্পাৰ পলায়ন

নিয়মীয়া বাৰ্তা, ১৪মেঃ কভিড-১৯ মহামাৰিৰ মাজতো ডিগবৈ বন সংমণ্ডলৰ অধিনৰ মাৰ্ঘেৰিটা মহকুমাত অবৈধ শিলৰ বেহা চলি থকা তথ্য পোৱা গৈছে। আজি পুৱা মাৰ্ঘেৰিটা বুঢ়ী দিহিং নদীৰ দলঙৰ সমীপত থকা মাৰ্ঘেৰিটা আৰক্ষীৰ তালাচী চকীত আবদ্ধ হয় নথীপত্ৰ বিহিন ভাবে শিল কঢ়িয়াই অনা দহ খন ডাম্পাৰ । এই ডাম্পাৰ সমূহে জাগুনৰ দিশৰ পৰা অবৈধ ভাবে শিল কঢ়িয়াই আনিছিল ।

মাৰ্ঘেৰিটাৰ বন বিভাগৰ লোকক আৰক্ষী তথা স্থানীয় সাংবাদিক সকলৰ তৰফৰ পৰা খবৰ দিয়াৰ পাছতো পশ্চিম মাৰ্ঘেৰিটা আঞ্চলিক বনবিভাগৰ কাৰ্যালয়ৰ পৰা তিনি ঘন্টাৰ পাছতো কোনো নহাত সুযোগ বুজি শিল ভৰ্তী ডাম্পাৰ কেইখন পলায়ন কৰে | বন বিভাগৰ কাৰ্যালয়ৰ পৰা মাত্র পাঁ‌চশ মিটাৰ দূৰৈত আৰক্ষীৰ হাতত আবদ্ধ হোৱা গাড়ী কেইখনৰ ওচৰলৈ বন বিভাগৰ লোক তিনি ঘন্টাৰ পাছতো নহাটো তাৎপয্যপূৰ্ণ বুলি বিবেচিত হৈছে।

উল্লেখ যে জাগুন, লেখাপানী আৰু ডিৰক অঞ্চলৰ পৰা প্ৰতিদিনে শতাধিক অবৈধ শিল ভৰ্তী ডাম্পাৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সৰবৰাহ হৈ আহিছে যদিও জাগুন, লেখাপানী আৰু মাৰ্ঘেৰিটা বন বিভাগৰ একাংশ বিষয়াৰ শিল মাফিয়াৰ সৈতে গোপন অংকৰ বুজা বুজিৰ বাবেই ৰাজ্য চৰকাৰে হেৰুৱাব লগা হৈছে বৃহৎ পৰিমাণৰ ৰাজহ। এইক্ষেত্ৰত বিজেপি নেতৃত্বাধীন নতুন চৰকাৰ খনে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব।

উল্লেখ যে জাগুন , লেখাপানী আৰু ডিৰক অঞ্চলৰ পৰা প্ৰতিদিনে নথিপত্ৰ বিহিন ভাৱে অবৈধ শিল সৰবাৰহ একাংশ শিল মাফিয়াই ৰমৰমীয়া ব্যৱসায় একাংশ বন বিভাগৰ লোকক মেনেজ কৰি চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। এইক্ষেত্ৰত বন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক কঠোৰ সবলৈ সচেতন মহলে দাবী জনাইছে। অন্যহাতে এখন টিপি-চালানৰ জৰিয়তে কেইবাবাৰো শিল সৰবৰাহ কৰি অহাৰ তথ্য পোৱা গৈছে। এইক্ষেত্ৰত বন বিভাগ চকুমোদা কুলিৰ ভাও ধৰাৰ অভিযোগ উত্থাপন হৈছে।

You might also like