নিয়মীয়া বাৰ্তা, ১৫ মে’: আৰু কেইটামান মুহূৰ্ত। তাৰপাছতে তেওঁৰ নশ্বৰ দেহত জুই লগোৱা হ’ব। ঠিক সেই সময়তেই, ‘সদ্যমৃত’ বৃদ্ধাই সকলোকে আচৰিত কৰি কান্দি উঠিল!
উল্লেখ্য যে ৭৬ বছৰীয়া শকুন্তলা গায়কোৱাড নামৰ মহিলাগৰাকী কেইদিনৰ আগতে ক’ৰোনাত আক্ৰান্ত বুলি ধৰা পৰিছিল। শৰীৰৰ অৱস্থা অৱনতি ঘটাত মহিলাগৰাকীক হাস্পতাললৈ লৈ যোৱা হয়। কিন্তু হাস্পতালত ভৰ্তি কৰোৱা অৱস্থাতে তেওঁ একেবাৰে অচেতন হৈ পৰে। শৰীৰৰ কোনো স্পন্দন নাছিল। একেবাৰে নিঃসাৰ হৈ যায় তেওঁ। যাৰপাছতে পৰিয়ালৰ লোকে তেওঁ মৃত বুলি ভাবি হাস্পতালৰ পৰা ঘূৰাই আনে।
ইপিনে তেওঁৰ নশ্বৰ দেহত জুই লগোৱাৰ পূৰ্বে হঠাৎ তেওঁ কান্দি উঠে। পাছত তেওঁক হাস্পতাললৈ নিয়া হয়। বৰ্তমান মহিলাগৰাকী হাস্পতালত চিকিৎসাধীন হৈ আছে।