পার্ছেভাৰেন্সৰ পিছত মঙলত ৰ’ভাৰ ঝুৰং
নিয়মীয়া বাৰ্তা, ১৬ মে’: আমেৰিকা যুক্তৰাষ্ট্রৰ ঐতিহাসিক সফলতাৰ পিছত এইবাৰ ৰঙা গ্রহ মঙলত ৰ’ভাৰ ঝুৰং অৱতৰণ কৰোৱাই ইতিহাস গঢ়িলে চীনে৷ আমেৰিকা যুক্তৰাষ্ট্র নাছাৰ পার্ছেভাৰেন্সৰ চুবুৰীয়া হয় চীনৰ ৰ’ভাৰ৷ ৯ মিনিটৰ অতি উৎকণ্ঠাৰ অৱসান ঘটাই আজি চীনে মঙল গ্রহত ৰ’ভাৰ ঝুৰং সফলতাৰে অৱতৰণ কৰোৱাবলৈ সক্ষম হয়৷ ৰঙা গ্রহটিত আমেৰিকাই প্রথমবাৰৰ বাবে ৰ’ভাৰ অৱতৰণ কৰাই ইতিহাস গঢ়াৰ পিছত দ্বিতীয়খন দেশ হিচাপে চীনে আজি ৰ’ভাৰ ঝুৰং অৱতৰণ কৰাই আন এক ইতিহাসৰ সাক্ষী হয়৷ মঙলৰ কক্ষপথত তিনি মাহজোৰা মহাকাশযানেৰে অভিযান চলাই থাকি আজি নির্ধাৰিত সময়মতেই চীনে ৰ’ভাৰ অৱতৰণ কৰাবলৈ সক্ষম হয়৷ যোৱা বর্ষৰ ২৩ জুলাইত এখন অৰবিটাৰ, লেণ্ডাৰ আৰু ৰ’ভাৰসহ টিয়ানৱেন–১ মহাকাশযানখন চীন নেচনেল স্পেচ এডমিনিট্রেচনে প্রেৰণ কৰিছিল৷ ঐতিহাসিক মঙল অভিযান মর্মে মঙলৰ নির্ধাৰিত ইউট’পিয়া প্লেনত ৰ’ভাৰ ঝুৰং অৱতৰণ কৰোৱাৰ লক্ষ্য আজি চীনে সফল কৰিবলৈ সক্ষম হয়৷
ৰঙা গ্রহটিৰ ভূপৃষ্ঠত অৱতৰণ কৰা ঝুৰং হৈছে ৬ চকীয়া সৌৰচালিত ৰ’ভাৰ৷ ইয়াৰ ওজন প্রায় ২৪০ কিলোগ্রাম৷ ৰ’ভাৰৰ লগত ৬টা বৈজ্ঞানিক সঁজুলি আছে৷ এই সঁজুলিসমূহ পিছলৈ পর্যায়ক্রমে মঙলৰ ভূপৃষ্ঠত অধ্যয়নৰ বাবে কার্যকৰী কৰি তুলিব৷ চীনৰ চৰকাৰী সংবাদ মাধ্যমে প্রকাশ কৰা মতে আমেৰিকাৰ পিছত মঙলত ৰ’ভাৰ অৱতৰণ কৰোৱা দ্বিতীয় দেশ চীন৷ ৰ’ভাৰৰ নামকৰণ কৰা হৈছে চীনৰ পৌৰাণিক আখ্যানত থকা অগ্ণি আৰু যুদ্ধৰ দেৱতাৰ নামেৰে৷ উল্লেখ্য যে নাছাৰ পার্ছেভাৰেন্সৰ লগত থকা ইনজিনিউটি হেলিকপ্ঢাৰে নতুন নতুন ৰহস্য উদ্ঘাটন কৰি আছে৷ চীনৰ ৰ’ভাৰে পৰৱর্তী সময়ত কি নতুন তথ্য লাভ কৰে সেয়া তাৎপর্যপূর্ণ হ’ব৷