কণ্টেইনমেণ্ট জ’ন পৰিদর্শন আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তৰ
নিয়মীয়া বাৰ্তা ১৭ মেঃ গুৱাহাটী মহানগৰীত ক’ৰোনাই ভয়াৱহ ৰূপ লৈছে৷ চৰকাৰৰ নির্দেশ অনুসৰি মহানগৰ প্রশাসনে তিনিটাকৈ ৱার্ডক কণ্টেনমেণ্ট জ’ন ঘোষণা কৰিছে৷ ইয়াৰোপৰি চৰকাৰে জাৰি কৰা ক’ভিড বিধি উলংঘাকাৰীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে দিনে–নিশাই ব্যাপক অভিযান অব্যাহত ৰাখিছে৷
আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই দেওবাৰে গুৱাহাটীৰ কণ্টেনমেণ্ট জ’ন পৰিদর্শন কৰাৰ লগতে হোম আইছ’লেচনত থকা লোকসকলৰ স্বাস্থ্যৰ বুজ লয়৷ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই কণ্টেনমেণ্ট জ’ন, সান্ধ্য আইনৰ সময়ছোৱাত মহানগৰ আৰক্ষী–বিষয়া জোৱানসকলে নিষ্ঠাসহকাৰে দায়িত্ব পালন কৰাত ধন্যবাদ জ্ঞাপন কৰে৷ লগতে ক’ভিড বিধি মানি চলিবলৈ ৰাইজক আহ্বান জনাই এইক্ষেত্রত ৰাইজৰ সহায়–সহযোগিতা বিচাৰে৷