নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সামুদ্রিক ধুমুহাৰ ধ্বংসলীলা ৭৩খন গাঁৱত; কর্ণাটকত ৪জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা ১৭ মেঃ  সামুদ্রিক ধুমুহা টাউক্টিয়ে কর্ণাটকৰ ৬খন জিলাৰ ৭৩খন গাঁৱত ধ্বংসলীলাৰ সৃষ্টি কৰিছে৷ ৰাজ্যখনৰ দুর্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি ধুমুহাত প্রাণ হেৰুৱাইছে চাৰিগৰাকী লোকে৷ লক্ষণীয়ভাৱে যি ৬খন জিলাত টাউক্টিয়ে তাণ্ডৱ সৃষ্টি কৰিছে, ইয়াৰ তিনিখনেই হৈছে উপকূলীয় অঞ্চলৰ জিলা৷ অন্য তিনিখন জিলা হৈছে পাহাৰীয়া অঞ্চলৰ৷ কর্ণাটকৰ মুখ্যমন্ত্রী বি এছ য়েডিয়ুৰাপ্পাই উল্লেখ কৰা অনুসৰি উপকূলীয় অঞ্চলৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে প্রশাসনে৷

উল্লেখনীয় যে প্রতিখন জিলাৰ উপায়ুক্ত আৰু জিলাসমূহৰ দায়িত্বত থকা মন্ত্রীসকলৰ সৈতে সঘনে মুখ্যমন্ত্রী য়েডিয়ুৰাপ্পাই সম্পর্ক ৰক্ষা কৰি থকা বুলি ৰাজ্য চৰকাৰে এক বিবৃতিত উল্লেখ কৰিছে৷ ইফালে বতৰ বিজ্ঞান বিভাগে সদৰী কৰা অনুসৰি ধুমুহা টাউক্টিয়ে উত্তৰ আৰু উত্তৰ–পশ্চিম দিশলৈ গতি কৰাৰ সম্ভাৱনা আছে৷ আজি সন্ধিয়াৰ ভাগলৈ গোৱাৰ উত্তৰ তথা উত্তৰ–পশ্চিম প্রান্তত ধুমুহাই সংহাৰ সৃষ্টি কৰাৰ আশংকা আছে৷ স্মর্তব্য যে ২০২১ চনৰ এইটোৱেই হৈছে প্রথমটো সংহাৰী সামুদ্রিক ধুমুহা৷

You might also like