নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত ৩ লাখৰ তললৈ নামিল পজিটিভ; ২৪ ঘণ্টাত আক্রান্তৰ তুলনাত সুস্থৰ হাৰ অধিক

নিয়মীয়া বাৰ্তা, ১৮ মে’: ক’ভিড–১৯ৰ সংহাৰক লৈ শংকিত দেশবাসীৰ বাবে আশাপ্রদ খবৰ৷ বিগত ২৪ ঘণ্টাত আক্রান্তৰ হাৰ হ্রাস পাইছে৷ ২৬ দিনৰ মূৰকত প্রতিদিনে অর্থাৎ ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা ৩ লাখৰ কম হৈছে৷ যোৱা ২১ এপ্রিলৰ পৰা ৩ লক্ষাধিককৈ আক্রান্ত হোৱাৰ পিছত পৰৱর্তী সময়ত ৪ লক্ষাধিক লোক দেশত মহামাৰী ভাইৰাছটোত আক্রান্ত হৈ দেশৰ পৰিস্থিতি বিপজ্জনক কৰি তুলিছে৷ এনে সময়তে যোৱা ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা ৩ লাখতকৈ নিম্নগামী হৈ ২.৮১ লক্ষাধিক লোক আক্রান্ত হৈছে৷

আশাপ্রদ খবৰ যে যোৱা ২৪ ঘণ্টাত আক্রান্ততকৈ সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা অধিক৷ ২,৮১,৩৮৬জন লোক কালিৰ দিনটোত নতুনকৈ আক্রান্ত হোৱাৰ বিপৰীতে ৩,৭৮,৭৪৩জন লোক সুস্থ হৈ উঠিছে৷ অর্থাৎ যোৱা ২৪ ঘণ্টাত আক্রান্তৰ তুলনাত সুস্থ হৈ উঠিছে প্রায় ১ লাখ লোক সুস্থ হৈ ঘৰলৈ উভতিছে৷

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি দেশত মুঠ আক্রান্তৰ সংখ্যা ২.৪৯ কোটিৰ অধিক৷ ইয়াৰ বিপৰীতে সুস্থ হৈ উঠিছে ২.১১ কোটিৰ অধিক লোক৷ স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি সুস্থ হৈ উঠা লোকৰ হাৰ ৮৪.৮১ শতাংশ৷ দেশত আক্রান্তৰ সংখ্যা হ্রাস পালেও অৱশ্যে মৃতকৰ হাৰ হ্রাস পোৱা নাই৷ যোৱা ২৪ ঘণ্টাত ৪ সহস্রাধিক লোক ক’ভিড–১৯ত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে৷ বিগত প্রায় ১৫ দিন ধৰি তিনিৰ পৰা চাৰি সহস্রাধিক লোকে প্রাণ হেৰুৱাই আছে৷ স্বাস্থ্য ব্যৱস্থা প্রায় বিধ্বস্ত কৰি তোলাৰ বাবেই দেশত মৃতকৰ সংখ্যা বর্ধিত হৈ আছে৷ যোৱা ২৪ ঘণ্টাত ৪,১০৬জন লোকে প্রাণ হেৰুওৱাত মুঠ মৃতকৰ সংখ্যা ২,৭৪,৩৯০জনলৈ বৃদ্ধি পাইছে৷

ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে মহাৰাষ্ট্র, দিল্লী, গুজৰাট, কর্ণাটক, উত্তৰ প্রদেশ, উত্তৰাখণ্ড, মধ্যপ্রদেশ, ছত্তিশগড়, তেলেংগানাকে ধৰি সমগ্র দেশতে সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছত বিগত সপ্তাহৰ পৰা লাহে লাহে সংক্রমণৰ হাৰ হ্রাস পাবলৈ ধৰিছে৷ কার্যতঃ সম্পূর্ণ লকডাউন দিয়াৰ বাবে সবাতোকৈ বিধ্বস্ত মহাৰাষ্ট্রতো আক্রান্তৰ হাৰ হ্রাস পাইছে৷ অৱশ্যে মৃতকৰ হাৰ এতিয়াও তুলনামূলক দৃষ্টিত হ্রাস পোৱা নাই৷ দেশৰ ৰাজধানী দিল্লীত দুসপ্তাহজোৰা লকডাউন দিয়াৰ পিছত প্রতিদিনে আক্রান্তৰ সংখ্যা দ্রুতগতিত হ্রাস পাই সম্প্রতি এদিনত প্রায় ৬ হাজাৰকৈ লোক আক্রান্ত হৈ আছে৷ দ্বিতীয় জোৱাৰৰ প্রাৰম্ভতে প্রায় ৩৫ শতাংশলৈকে আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছত সম্প্রতি ৰাজধানী চহৰখনত ৮.৯ শতাংশলৈ আক্রান্তৰ হাৰ নিম্নগামী হৈছে৷

মহাৰাষ্ট্রত আক্রান্তৰ সংখ্যা হ্রাস পালেও আন ৰাজ্যৰ তুলনাত এতিয়াও সর্বাধিক হৈ আছে৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ৩৪ সহস্রাধিক লোক আক্রান্ত হৈছে৷ ইয়াৰ বিপৰীতে তামিলনাডুত ৩৩ সহস্রাধিক আৰু কর্ণাটকত ৩১ সহস্রাধিক৷ কেৰালাত ২৯ সহস্রাধিক আৰু অন্ধ্রপ্রদেশত ২৪ সহস্রাধিক লোক আক্রান্ত হৈছে৷ উল্লেখিত ৫ ৰাজ্যতে দেশত আক্রান্তৰ ৫৪.৩৭ শতাংশ৷

আনপিনে, মহাৰাষ্ট্রত অকলে ১২.২ শতাংশ লোক৷ যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্রত সর্বাধিক ৯৭৪জন লোকৰ মৃত্যু ঘটাৰ লগতে কর্ণাটকত প্রাণ হেৰুৱাইছে ৪০৩জনে৷ আনহাতে ক’ৰোনা ভাইৰাছক লৈ কেন্দ্রীয় চৰকাৰে গঠন কৰা বৈজ্ঞানিক উপদেষ্টা ফ’ৰামৰ পৰা জ্যেষ্ঠ ভাইৰ’লজিষ্ট চাহিদ জামিলে পদত্যাগ কৰিছে৷

You might also like