নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ ৩০ ডিচেম্বৰ সোমবাৰে শিৱসেনা, এনছিপি আৰু কংগ্রেছৰ মুঠ ৩৬ জন নেতাই মহাৰাষ্ট্র চৰকাৰৰ নতুন মন্ত্রী ৰূপে শপত লয়। কিন্তু এই নতুনকৈ প্রসাৰিত মন্ত্রীসভাত মন্ত্রীৰ পদ নোপোৱাত এজন কংগ্ৰেছ বিধায়কৰ সমৰ্থকে দণ্ডভণ্ড কৰিলে দলীয় কার্যালয় ।
মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ ঠাকৰেৰ নতুনকৈ প্রসাৰিত মন্ত্রীসভাত স্থান লাভ নকৰা কংগ্রেছ বিধায়ক সংগ্রাম থোপ্টেৰ সমর্থকসকলে মহাৰাষ্ট্রৰ পুনে জিলাৰ ভোৰস্থিত দলীয় কার্যালয় ভাঙি চুৰমাৰ কৰে ।
প্রায় ৪০ জন সমর্থকে কাৰ্যালয়টোৰ কাঁচৰ লগতে আচবাব ভাঙি লণ্ডভণ্ড কৰে । লগতে কংগ্ৰেছ পাৰ্টীৰ বিৰুদ্ধে শ্ল’গান দি পৰিস্থিতি উত্তপ্ত কৰি তুলে ।