নিয়মীয়া বাৰ্তা, ১৯ মেঃ ক’ভিড–১৯ মহামাৰীৰ দ্বিতীয় জোৱাৰৰ সংক্রমণত এতিয়ালৈকে ভাৰতত ২৭০গৰাকী চিকিৎসকৰ মৃত্যু হৈছে৷ ভাৰতীয় চিকিৎসা সংস্থা (আইএমএ)ৰ তৰফৰ পৰা আজি সদৰী কৰা হৈছে এই তথ্য৷ উল্লেখনীয় যে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত অতি সংক্রামক হিচাপে চিহ্ণিত কৰিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷
দ্বিতীয় জোৱাৰ পূর্বতকৈ মাৰাত্মক বুলি উল্লেখ কৰিছে আইএমএৰ মুৰব্বীয়ে৷ লক্ষণীয়ভাৱে আইএমএৰ প্রাক্তন মুৰব্বী ডাঃ কে কে আগৰৱালাৰো কালি ক’ভিড মহামাৰীত মৃত্যু হৈছে৷ বিহাৰত ৭৮গৰাকী চিকিৎসকে ক’ভিডৰ দ্বিতীয় জোৱাৰত প্রাণ হেৰুৱাৰ বিপৰীতে উত্তৰ প্রদেশত ৩৭, দিল্লীত ২৯ আৰু অন্ধ্রপ্রদেশত ২২গৰাকীৰ মৃত্যু হৈছে৷
আইএমএৰ তথ্য অনুসৰি এতিয়ালৈকে ক’ভিড মহামাৰীত দেশত মুঠ ৭৪৮গৰাকী চিকিৎসকৰ মৃত্যু হৈছে৷ আইএমএৰ মুৰব্বী ডাঃ জে এ জয়ালালে উল্লেখ কৰা অনুসৰি মহামাৰীৰ দ্বিতীয় জোৱাৰে স্বাস্থ্য কর্মীসকলৰ অভাৱনীয় ক্ষতি কৰিছে৷