কুলশীৰ টীয়ামাৰীত বন্যহস্তীৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ২০ মে : দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৱৰ্তী টীয়ামাৰীত বন্যহস্তীৰ মৃত্যু। পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ সমীপৰ টীয়ামাৰীত বৃহস্পতিবাৰে পুৱাৰ ভাগত প্ৰায় আঠ বছৰীয়া মতা হাতীতো স্থানীয় লোকে প্ৰত্যক্ষ কৰে। পিছত বন বিভাগক খৱৰ দিয়াত চিকিৎসাকৰ দলৰ সৈতে উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পুতি থোৱাৰ ব্যৱস্থা কৰে। বৰ্তমানলৈ হাতীটোৰ মৃত্যুৰ কাৰণ নিশ্চিত হোৱা নাই যদিও মৰণোত্তৰ পৰীক্ষাৰ সময়ত দেহৰ ভিতৰত যথেষ্ট পোক প্ৰত্যক্ষ কৰি আৰু দেহৰ বাহিৰতো আঘাতৰ চিন প্ৰত্যক্ষ কৰে। কোনো দুষ্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰে আঘাত কৰাৰ ফলত বহুদিন ধৰি অসুস্থ হৈ মৃত্যুক সাৱটি লোৱা বুলি ধাৰণা কৰিছে। উক্ত অঞ্চলটোত অসম মেঘালয় সীমান্তৱৰ্তী পাহাৰীয়া ঘন জংগলৰ পৰা খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাকে প্ৰায়েই বিচৰণ কৰে। কিন্তু হঠাতে কি কাৰণত এইদৰে হাতীটোৰ মৃত্যু ঘটিল তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।