নিয়মীয়া বাৰ্তা, ২১ মে: নতুন ক’ভিড–১৯ৰ প্রকৰণে শিশুৰ ওপৰত অধিক প্রভাৱ পৰিব বুলি ইতিমধ্যে চিকিৎসা বিজ্ঞানীসকলে সকীয়নি দিয়াৰ পিছতে ভাৰতত এই ক’ভিড–১৯ নতুন প্রকৰণৰ সংক্রমণ ৰোধক লৈ উদ্বিগ্ন হৈছে কেন্দ্রীয় চৰকাৰ৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংহাৰৰ পিছতে তৃতীয় জোৱাৰ অনিবার্য বুলি কেন্দ্রীয় চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টাই প্রকাশ কৰাৰ পিছতে এই তৃতীয় জোৱাৰ কিদৰে নিয়ন্ত্রণ কৰিব পাৰি, তাক লৈ চৰকাৰ সক্রিয় হৈছে৷
তৃতীয় জোৱাৰত শিশুৰ দেহত মহামাৰী ভাইৰাছটোৱে সংহাৰী ৰূপ লোৱাৰ সম্ভাৱনা ব্যক্ত কৰি এইম্ছ ক’ভিড–১৯ টাস্ক ফ’চৰ মুৰব্বী ডাঃ নবীত উইগ’ই চৰকাৰক সতর্ক কৰি দিছে৷ টাস্ক ফ’চৰ মুৰব্বীগৰাকীয়ে প্রকাশ কৰা মতে, শিশুৰ সুৰক্ষাক কোনো কাৰণতে আওকাণ কিম্বা অৱজ্ঞা কৰিব নোৱাৰি৷ সেয়েহে ভেকচিন নিশ্চিত কৰিব লাগিব৷
এ এন আইৰ সৈতে হোৱা কথোপকথনত এইম্ছৰ মেডিচিনৰ মুৰব্বী অধ্যাপক তথা ক’ভিড–১৯ টাস্ক ফ’চৰ মুৰব্বী ডাঃ উইগ’ই কয়– শিশুৰ সুৰক্ষা নিশ্চিত কৰিব লাগিলে ভেকচিন প্রদান কৰিবই লাগিব৷ শিশুৰ কাৰণে বিকশিত ভেকচিনৰ মান আৰু সুৰক্ষাৰ ফলপ্রসূতা নিশ্চিত হোৱাৰ পিছতে ভেকচিন প্রদান কৰিব লাগিব৷ শিশুৰ সুৰক্ষাক আমি পিছ পেলাই থ’ব নোৱাৰোঁ৷ তৃতীয় জোৱাৰ অহালৈকে আমি শিশুক এৰি দিব নোৱাৰোঁ৷ সময়সাপেক্ষ গতিশীল নীতি মহামাৰী ভাইৰাছটোৰ বিৰুদ্ধে যুঁজাৰ বাবে প্রস্তুত কৰিব লাগে বুলিও কয় মুৰব্বীগৰাকীয়ে৷ তদুপৰি মুৰব্বীগৰাকীয়ে কয় যে বিশ্বৰ অনেক দেশে ইতিমধ্যে শিশুক ভেকচিন প্রদান প্রক্রিয়া আৰম্ভ কৰিছে৷ ভাৰতেও শীঘ্রে এই দিশত পদক্ষেপ গ্রহণ কৰা উচিত৷