নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰোনাৰ দেৱীৰ মন্দিৰত পূজা কৰিলে মুক্তি পাব কৰোনাৰ পৰা…জানক ক’ত আছে এই মন্দিৰ

নিয়মীয়া বাৰ্তা ২১ মেঃ দেশত কৰোনাৰ সংহাৰ। দৈনিক মৃত্যু হৈছে হাজাৰ হাজাৰ লোকৰ। কিন্তু বৈজ্ঞানিক সজাগতাৰ বিপৰীতে একাংশই অন্ধবিশ্বাসৰ হে আশ্ৰয় লৈছে একাংশ লোকে।

শেহতীয়াকৈ জানিব পৰা মতে তামিলনাডুৰ কমবাইৰেটৰ কামটিচিপূৰম গাওঁত কৰোনাৰ এটা মন্দিৰ স্থাপন কৰা হৈছে আৰু তাত কৰোনা দেৱীৰ মূৰ্তি স্থাপন কৰা হৈছে। এই মূৰ্তিটোৰ উচ্চতা ১.৫ ফুট।

এই অঞ্চলবাসীৰ ধাৰণা যে জনসাধাৰণৰ ধাৰণা যে এই মন্দিৰত যজ্ঞ পূজা পাতাল কৰিলে কৰোনা মহামাৰীৰৰ পৰা ৰক্ষা পোৱা যাব।

কৰোনা দেৱীৰ মন্দিৰৰ কৃৰ্তপক্ষই সিদ্ধান্ত গ্ৰহণ কৰিছে যে মহামাৰীৰৰ পৰা পৰিত্ৰাণ পাবলৈ ৪৮ দিনা বিশেষ পূজা অনুষ্ঠিত কৰিব। আৰু কৰোনা দেৱীক সন্তুষ্ট কৰিব পাৰিলেহে মহামাৰীৰৰ পৰা পৰিত্ৰাণ পাব সকলোৱে বুলি উল্লেখ কৰিছে মন্দিৰৰ কৃৰ্তপক্ষই।

 

You might also like