ডিআৰডি’ৰ এণ্টিব’ডী ডিটেকচন কিট ‘ডিপকোভেন’
নিয়মীয়া বাৰ্তা ২২ মেঃ ডিফেন্স ৰিছার্চ এণ্ড ডেভেলপমেণ্ট অর্গেনাইজেচন চমুকৈ ডিআৰডি’ই ডিফেন্স ইনষ্টিটিউট অৱ ফিজি’লজী এণ্ড এলাইড ছায়েঞ্চ (ডিআইপিএএছ)ৰ গৱেষণাগাৰত প্রস্তুত কৰি উলিয়ালে এণ্টিবডী ডিটেকচন কিট ডিপকোভেন৷ ডিআৰডি’ই বিবৃতিত প্রকাশ কৰা মতে দিল্লীস্থিত ভেনগার্ড ডায়গনষ্টিক প্রাইভেট লিমিটেডৰ সৈতে ডিআৰডি’ৰ বিজ্ঞানীসকলে বিকশিত কৰা এণ্টিব’ডী ডিটেকচন কিট ডিপকোভেনৰ জৰিয়তে অন্যান্য ৰোগৰ লগতে ক’ভিড–১৯ক চিনাক্ত কৰিব পাৰি৷
তাৎপর্যপূর্ণ যে আই চি এম আৰে যোৱা এপ্রিল মাহত এই কিটটো ব্যৱহাৰৰ বাবে অনুমতি প্রদান কৰিছিল৷ ইয়াৰ পিছত ডি চি জি আই, চি ডি এছ চি অ’ই আৰু কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে এই কিটটো প্রস্তুত কৰা আৰু বিতৰণত অনুমতি প্রদান কৰে৷ জুন মাহৰ প্রথম সপ্তাহৰ পৰা ভেনগার্ড ডায়গনেষ্টিকৰ দ্বাৰা ডীপকোভেন বাণিজ্যিকভাৱে বিক্রী কৰা হ’ব৷