প্রধানমন্ত্রীলৈ পত্র সংযুক্ত কিষাণ মর্চাৰ
নিয়মীয়া বাৰ্তা ২২ মেঃ তিনি কৃষি আইনক লৈ আলোচনাৰ আগ্রহ প্রকাশ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ পত্র প্রেৰণ কৰিছে সংযুক্ত কিষাণ মর্চাই৷ কৃষি আইন প্রত্যাহাৰৰ দাবীত ২০২০ চনৰ নৱেম্বৰৰ পৰা দেশজুৰি প্রতিবাদী কার্যসূচী অব্যাহত ৰখা কৃষক সংগঠনসমূহৰ সন্মিলিত মঞ্চ সংযুক্ত কিষাণ মর্চাই প্রধানমন্ত্রী মোদীলৈ পত্র প্রেৰণ কৰি তিনি কৃষি আইন সন্দর্ভত পুনৰ আৰম্ভ কৰিবলৈ আহ্বান জনাইছে৷
উল্লেখ্য যে প্রতিবাদী কৃষক সংগঠনৰ সৈতে কেন্দ্রীয় চৰকাৰৰ প্রতিনিধিয়ে কেইবাবাৰো আলোচনাত মিলিত হৈছিল যদিও কোনো মীমাংসা হোৱা নাছিল৷ চৰকাৰে আইন সংশোধনীৰ প্রস্তাৱ জনালেও কৃষক সংগঠনসমূহে প্রত্যাহাৰৰ দাবীত আঁকোৰগোজ হৈ আন্দোলন চলাই আছে৷