শৰীৰত মৌ মাখি লৈ আলোকচিত্রৰে খলকনি জলীৰ
নিয়মীয়া বাৰ্তা ২২ মেঃ বিশ্ব মৌ মাখি দিৱস উপলক্ষে কালি হলীউডৰ মোহময়ী অভিনেত্রী এঞ্জেলিনা জলীয়ে এক আলোকচিত্রৰে ছ’চিয়েল মিডিয়াত জ্বৰ তুলিছে৷ অভিনেত্রীগৰাকীয়ে মৌ মাখি দিৱস উপলক্ষে শৰীৰত মৌ মাখি লৈ এক আলোকচিত্রক ছ’চিয়েল মিডিয়াত মুকলি কৰি দিয়াৰ লগে লগে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি হয়৷
উল্লেখনীয় যে নেচনেল জিঅ’গ্রাফিকৰ সহযোগত এক ফটোশ্বুটত অংশ লৈ অভিনেত্রীগৰাকীৰ গোটেই শৰীৰত স্থান দি অনুৰাগীসকলৰ মাজত শিহৰণ সৃষ্টি কৰে৷ প্রায় ১৮ মিনিট সময় ধৰি এনেদৰে মৌ মাখিৰ সৈতে কটায় জলীয়ে৷ আশ্চর্যজনক এই ফটোশ্বুটক লৈ জলীক বিভিন্ন মহলে প্রশংসাও কৰিছে৷
উল্লেখনীয় যে মৌপালক ডান উইণ্টাৰছে অভিনেত্রীগৰাকীৰ আলোকচিত্র গ্রহণ কৰে৷ ‘ছল্ট’ ছবিৰ জৰিয়তে অভিনেত্রীগৰাকীয়ে শেহতীয়াকৈ বিশ্বৰ অনুৰাগীৰ মাজত খলকনি তুলিবলৈ সক্ষম হৈছে৷ এঞ্জেলিনা জলীয়ে পৰিৱেশ ৰক্ষাৰ ক্ষেত্রত মৌ মাখিৰ অৱদান অপৰিসীম বুলি উল্লেখ কৰিছে৷