শান্তি প্রতিষ্ঠাৰ সুযোগ গ্রহণ কৰিব লাগিব উভয় পক্ষইঃ গুটেৰেছ
নিয়মীয়া বাৰ্তা ২২ মেঃ ইজৰাইল আৰু পেলেষ্টাইনী বিদ্রোহী সংগঠন হামাছৰ মাজত যুদ্ধবিৰতিক আদৰণি জনাইছে বিশ্বৰ সর্বোচ্চ সংগঠন ৰাষ্ট্রসংঘই৷ ইজৰাইলত থকা ৰাষ্ট্রসংঘৰ কূটনীতিক ট’ৰ ৱেনেছলেণ্ডে উল্লেখ কৰিছে যে ১১ দিনীয়া ৰক্তক্ষয়ী সংঘর্ষত প্রাণ হেৰুওৱা লোকসকলৰ প্রতি ৰাষ্ট্রসংঘই গভীৰ শোক প্রকাশ কৰিছে৷ ইয়াৰ উপৰি আহত লোকসকলৰ প্রতিও সমবেদনা জ্ঞাপন কৰিছে বিশ্বৰ সর্বোচ্চ সংস্থাটোৱে৷ লক্ষণীয়ভাৱে ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনি’ গুটেৰেছে শান্তি প্রতিষ্ঠাৰ সুযোগ উভয় পক্ষই গ্রহণ কৰিব লাগিব বুলি উল্লেখ কৰিছে৷
ইফালে ৰাষ্ট্রসংঘৰ তৰফৰ পৰা ১১ দিনীয়া সংঘর্ষৰ অৱসান ঘটোৱাৰ ক্ষেত্রত ইজিপ্ত আৰু কাটাৰে লোৱা ভূমিকাক প্রশংসাও কৰা হৈছে৷ সংঘর্ষৰ অৱসানৰ ক্ষেত্রত উভয় পক্ষই যুদ্ধবিৰতিৰ প্রতি সহমত প্রকাশ কৰাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনেও উভয় পক্ষৰ নমনীয় স্থিতিক আদৰণি জনাইছে৷ শান্তিপূর্ণ আলোচনাৰ মাজেৰে দীর্ঘদিনীয়া সমস্যাৰ সমাধান সূত্র উদ্ভাৱন কৰিবলৈও ইজৰাইল–পেলেষ্টাইনক্ আহ্বান জনাইছে বাইডেনে৷