ভৱানীপুৰ সমষ্টিৰ উপ–নির্বাচনত যুঁজিব মমতা বেনার্জীয়ে
নিয়মীয়া বাৰ্তা ২২ মেঃ পশ্চিমবংগৰ নন্দীগ্রাম বিধানসভা সমষ্টিত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ হাতত পৰাভূত হোৱা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে ভৱানীপুৰ সমষ্টিৰ উপ–নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব৷ ভৱানীপুৰৰ তৃণমূল কংগ্রেছৰ বিধায়ক শোভনদেৱ চেতার্জীয়ে আজি সমষ্টিটোৰ পৰা পদত্যাগ কৰিছে৷ গতিকে এই সমষ্টিটোত আয়োগে উপ–নির্বাচন অনুষ্ঠিত কৰিব৷ স্মর্তব্য যে ৬ মাহৰ ভিতৰত মমতা বেনার্জীয়ে বিধানসভালৈ পুনৰ নির্বাচিত হৈ আহিলেহে মুখ্যমন্ত্রীৰ পদত অধিষ্ঠিত হৈ থাকিবলৈ সক্ষম হ’ব৷ ভৱানীপুৰ সমষ্টিৰ পৰা মমতা বেনার্জীয়ে দুবাৰকৈ নির্বাচনত জয়লাভ কৰিছিল যদিও এইবাৰ নেত্রীগৰাকীয়ে নন্দীগ্রাম সমষ্টিৰ পৰাহে বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিছিল৷