নিয়মীয়া বাৰ্তা, ২৩ মেঃ দেশত বিগত ছদিন ধৰি ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা লাহে লাহে নিম্নগামী হৈ আহিছে৷ ইয়াৰ বিপৰীতে সুস্থ হোৱা লোকৰ সংখ্যা বর্ধিত হৈ আছে৷ যোৱা ২৪ ঘণ্টাত ঘাতক ক’ৰোনাত ২,৫৭,২৯৯জন লোক আক্রান্ত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ৩,৫৭,৬৩০জন৷ দেশত মুঠ আক্রান্তৰ সংখ্যা ২,৬২,৮৯,২৯০লৈ বৃদ্ধি পাইছে৷ আনপিনে সুস্থ হৈ উঠিছে ২,৩০,৭০,৩৬৫জন৷ আক্রান্তৰ হাৰ হ্রাস পাই সুস্থতাৰ হাৰ বর্ধিত হৈছে যদিও দেশজুৰি মৃতকৰ সংখ্যা হ্রাস পোৱা নাই৷ বিগত পষেক ধৰি দেশত মৃত্যুৰ হাৰ বর্ধিত হৈ আছে৷ যোৱা ২৪ ঘণ্টাত ৪,১৯৪জন লোকে প্রাণ হেৰুৱাইছে৷ ইয়াকে লৈ দেশজুৰি প্রাণ হেৰুওৱা লোকৰ সংখ্যা ২,৯৫,৫২৫জনলৈ বৃদ্ধি পাইছে৷
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে এই তথ্য প্রকাশ কৰিছে৷ ইপিনে স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি আজি পুৱালৈকে দেশজুৰি ১৯.৭৩ কোটি ক’ভিড ভেকচিন প্রদান কৰা হৈছে৷ মন কৰিবলগীয়া যে দেশজুৰি ক’ভিড ভেকচিনৰ নাটনি অব্যাহত আছে৷ এই সন্দর্ভত কেন্দ্রীয় চৰকাৰে প্রকাশ কৰা মতে, চলিত বর্ষৰ শেষৰ ভালে অর্থাৎ ডিচেম্বৰ মাহলৈকে দেশত মুঠ জনসংখ্যাৰ সকলো প্রাপ্তবয়স্ক লোকক ভেকচিন প্রদানৰ স্থিতিত উপনীত হ’ব৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধনে এই কথা আজি ক’ভিড ভেকচিনক লৈ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ সৈতে পর্যালোচনা কৰাৰ অন্তত মন্তব্য কৰিছে৷ আনপিনে যোৱা ২৪ ঘণ্টাতো ২০.৬৬ লাখ লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে৷