নিয়মীয়া বাৰ্তা, ২৩ মেঃ ক’ভিড–১৯ যুঁজৰ অগ্রণী যোদ্ধা চিকিৎসকসকলো দ্বিতীয় জোৱাৰৰ সময়ত প্রত্যাহ্বানৰ সন্মুখীন হৈছিল৷ দেশজুৰি ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংহাৰত ৪২০জন চিকিৎসকে প্রাণ হেৰুৱাইছে৷ ইয়াৰে ১০০জন দেশৰ ৰাজধানী দিল্লীৰ৷ ভাৰতীয় চিকিৎসা সংস্থা চমুকৈ আই এম এই এক বিবৃতিযোগে দেশজুৰি ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সময়ত আক্রান্তক শুশ্রূষা কৰি ৪২০জন চিকিৎসকে বলিদান দিছে বুলি প্রকাশ কৰিছে৷
ৰাজধানী চহৰখনত ১০০জন চিকিৎসকে প্রাণ হেৰুওৱাৰ লগতে বিহাৰত অতিকমেও ৯৬ আৰু উত্তৰ প্রদেশত ৪১ চিকিৎসকে প্রাণ হেৰুৱাইছে৷
উল্লেখ্য যে ক’ভিড ভেকচিনৰ দুটাকৈ ড’জ লোৱাৰ পিছতো আই এম এৰ প্রাক্তন মুৰব্বী ডাঃ এ কে আগ্রৱাল ক’ভিডৰ সৈতে যুঁজি জীৱনৰ সৈতে হাৰ মানিছে৷ লক্ষণীয় যে আই এম এ প্রকাশ কৰা তথ্য মতে ক’ভিড–১৯ৰ প্রথম জোৱাৰত ৭৪৮জন চিকিৎসকে প্রাণ হেৰুৱাইছে৷ অর্থাৎ ক’ভিড–১৯ত এতিয়ালৈকে দেশজুৰি ১,১৬৮জন চিকিৎসকৰ মৃত্যু ঘটিছে৷ ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিততে দেশজুৰি অত্যধিক চাপৰ সন্মুখীন হৈছে চিকিৎসকসকল৷