নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত চিনাক্ত প্রকৰণৰ বিৰুদ্ধে কার্যক্ষম ফাইজাৰ–অষ্ট্রাজেনেকা

নিয়মীয়া বাৰ্তা, ২৪ মে’: ভাৰতত প্রথমবাৰৰ বাবে চিনাক্ত হোৱা বি–১৬১৭.২ ক’ভিড প্রকৰণৰ বিৰুদ্ধে সম্পূর্ণ কার্যক্ষম ফাইজাৰ আৰু অষ্ট্রাজেনেকা ভেকচিন৷ পাব্লিক হেল্থ ইংলেণ্ড নামৰ সংস্থাটোৱে কৰা এক সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে৷ তেওঁলোকে প্রকাশ কৰা অনুসৰি ফাইজাৰ ভেকচিনৰ দুয়োটা ড’জ গ্রহণ কৰাৰ পিছত এই প্রকৰণৰ বিৰুদ্ধে ৮৮ শতাংশ ভেকচিনবিধ কার্যক্ষম৷ সেইদৰে দ্বিতীয় ড’জৰ পিছত এই প্রকৰণৰ বিৰুদ্ধে অষ্ট্রাজেনেকা ভেকচিনৰ কার্যক্ষমতা হৈছে ৬০ শতাংশ৷

ব্রিটেইনত চিনাক্ত হোৱা কেণ্ট নামৰ প্রকৰণৰ বিৰুদ্ধেও এই দুয়োটা ভেকচিন কার্যক্ষম আছিল৷ এই প্রকৰণবিধৰ ক্ষেত্রত ফাইজাৰৰ কার্যক্ষমতা আছিল ৯৩ শতাংশ৷ সেইদৰে কেণ্ট প্রকৰণৰ বিৰুদ্ধে অষ্ট্রাজেনেকাৰ কার্যক্ষমতা হৈছে ৬৬ শতাংশ৷ সংস্থাটোৰ সমীক্ষা অনুসৰি দুয়োটা ভেকচিন ভাৰতত চিনাক্ত হোৱা প্রকৰণৰ বিৰুদ্ধে প্রথম ড’জ গ্রহণৰ তিনি সপ্তাহৰ পিছত ৩৩ শতাংশ কার্যক্ষম হৈ উঠে৷

অৱশ্যে ব্রিটেইনত চিনাক্ত কেণ্ট প্রকৰণৰ ক্ষেত্রত ইয়াৰ সক্ষমতাৰ পৰিমাণ আছিল ৫০ শতাংশ৷ ৫ এপ্রিলৰ পৰা ১৬ মে’লৈ সংস্থাটোৱে এই সমীক্ষা চলাইছিল৷ এই সমীক্ষাত ১২,৬৭৫টা নমুনা সামৰি লোৱা হৈছিল৷ ইয়াৰে ১,০৫৪জনৰ দেহতহে ভাৰতত চিনাক্ত হোৱা প্রকৰণ ধৰা পৰিছিল৷ এই সমীক্ষাত সকলো বয়সৰ লোকক সামৰি লৈছিল পাব্লিক হেল্থ ইংলেণ্ডে৷

উল্লেখ্য যে ক’ভিডৰ নতুন প্রকৰণ চিনাক্ত হোৱাৰ লগে লগে উদ্বিগ্ণ হৈ পৰে বিজ্ঞানী মহল৷ নতুন প্রকৰণৰ সংক্রমণৰ হাৰ বা ই কিমান ভয়াৱহ তাৰ বাবে পৰীক্ষা–নিৰীক্ষাও আৰম্ভ হৈ আহিছে৷ ইয়াৰ মাজতে নতুন প্রকৰণ চিনাক্ত, তাৰ বিৰুদ্ধে ইতিমধ্যে মানৱ শৰীৰত প্রয়োগৰ বাবে অনুমতি লাভ কৰা ভেকচিনসমূহ কার্যক্ষম হ’ব নে নহয়, সেয়াও চিন্তাৰ কাৰণ হৈ আহিছে৷ ইয়াৰ মাজতে ভাৰতত চিনাক্ত হোৱা মাৰাত্মক প্রকৰণৰ বিৰুদ্ধে দুয়োটা ভেকচিনে মানৱ শৰীৰত প্রতিৰোধ ক্ষমতা গঢ়ি তুলিব পাৰে বুলি প্রকাশ পোৱা তথ্যই আশাৰ বতৰা কঢ়িয়াই আনিছে৷

You might also like