নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি ৰাজ্যত ধুমুহা ‘যশ’এ সৃষ্টি কৰিব তাণ্ডৱ

নিয়মীয়া বাৰ্তা ২৫ মেঃ মাত্র এটা সপ্তাহৰ ব্যৱধানতেই দেশলৈ আহি আছে দ্বিতীয়টো বিধ্বংসী সামুদ্রিক ধুমুহা৷ আৰব সাগৰত উৎপত্তি হোৱা সামুদ্রিক ধুমুহা টাউটিয়ে মহাৰাষ্ট্র, গুজৰাট, কর্ণাটক, গোৱাত সংহাৰ সৃষ্টি কৰাৰ উপৰি কেৰালাৰ বিভিন্ন স্থানত প্রভাৱ পেলোৱাৰ পিছত এইবাৰ বংগোপসাগৰৰ নিম্নচাপৰ ফলত উৎপত্তি হ’বলৈ লৈছে অন্য এক বিধ্বংসী সামুদ্রিক ধুমুহা ‘যশ’ৰ৷ বতৰ বিজ্ঞান বিভাগে সদৰী কৰা অনুসৰি কাইলৈৰ পৰা এই ধুমুহাই ওড়িশা, পশ্চিমবংগ, অন্ধ্রপ্রদেশ আদি কেইবাখনো ৰাজ্যত তাণ্ডৱ সৃষ্টি কৰিব পাৰে৷

দেওবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জ্যেষ্ঠ কেন্দ্রীয় বিষয়ববীয়াসকলক ৰাজ্যসমূহৰ সৈতে ধুমুহাৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্রতি মুহূর্ততে যোগাযোগ ৰক্ষা কৰি ৰখাৰ নির্দেশ দিছে৷ জ্যেষ্ঠ বিষয়ববীয়াসকলৰ সৈতে গুৰুত্বপূর্ণ এক ভার্চুৱেল বৈঠকত মিলিত হয় মোদী তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ উল্লেখনীয় যে ৰাষ্ট্রীয় দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণ (এনডিএমএ), টেলিকম, বিদ্যুৎ আৰু অসামৰিক উৰণ মন্ত্রালয়ৰ সচিবসকলৰ সৈতে বৈঠকত উপস্থিত থাকে৷ বতৰ বিজ্ঞান বিভাগে সদৰী কৰা অনুসৰি ঘণ্টাত ১৫০ৰ পৰা ১৬৫ কিলোমিটাৰ বেগেৰে আহিবলগীয়া ধুমুহাই কাইলৈৰ পৰা পশ্চিমবংগ আৰু ওড়িশাত খুন্দিয়াব৷ এই ধুমুহাৰ ফলত দুয়োখন ৰাজ্যৰ উপকূলীয় অঞ্চলত সৃষ্টি হ’ব পাৰে অবর্ণনীয় ধ্বংসলীলা৷

ইফালে, ধুমুহাই পশ্চিমবংগ আৰু ওড়িশাৰ উপৰি অন্ধ্রপ্রদেশ তথা ইয়াৰ প্রতিৱেশী ৰাজ্যসমূহৰ উপকূলীয় অঞ্চললৈ কঢ়িয়াই আনিব পাৰে মূষলধাৰ বৃষ্টি৷ স্মর্তব্য যে টাউটিৰ প্রভাৱত দেশৰ কেইবাখনো ৰাজ্যত মূষলধাৰ বৃষ্টিপাত দেখিবলৈ পোৱা গৈছিল৷ অনুৰূপ ঘটনা ঘটিব পাৰে সামুদ্রিক ধুমুহা যশৰ প্রভাৱতো৷

You might also like