নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহি আছে ‘তুফান’; ‘ফাৰ্ষ্ট লুক’ মুকলি

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ অভিনেতা ফাৰহান আখতাৰে বৃহস্পতিবাৰে ঘোষণা কৰে তেওঁৰ দ্বাৰা অভিনীত ক্রীড়াভিত্তিক ছবি ‘তুফান’ ৰ ‘ফাৰ্ষ্ট লুক’ । লগতে এই ছবিখন ২০২০ ৰ ২ অক্টোবৰত সকলো ছবিগৃহতে মুক্তি লাভ কৰাৰ কথাও তেওঁ প্ৰকাশ কৰে ।

‘জিন্দেগি না মিলেগি দোবাৰা’ৰ অভিনেতাগৰাকীয়ে তেওঁৰ ব্যক্তিগত ইনষ্টাগ্রামত এই ‘ফাৰ্ষ্ট লুক’ প্ৰকাশ কৰে য’ত তেওঁ নীলা ৰঙৰ বক্সিং পোচাকত দেখা গৈছে ।

এজন বক্সাৰৰ কাহিনীৰে নিৰ্মাণ কৰা এই ছবিখন প্রযোজনা কৰিছে ৰীতেশ সিদ্ধৱানি, ফাৰহান আখতাৰ আৰু ৰাকেশ ওমপ্রকাশ মেহৰায়ে ।

পৰিচালক-অভিনেতাৰ এই যুটিক ইয়াৰ পূৰ্বেও ভাৰতীয় এথলিট মিলখা সিঙৰ জীৱনৰ ওপৰত নিৰ্মিত ‘ভাগ মিলখা ভাগ’ ত একেলগে কামকৰা দেখা গৈছিল ।

You might also like