নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড কেন্দ্রতে কো–উইনযোগে ১৮–৪৪ বছৰীয়াই ভেকচিনৰ বাবে পঞ্জীয়ন কৰিব পাৰিবঃ কেন্দ্র

নিয়মীয়া বাৰ্তা, ২৫ মেঃ ক’ভিড–১৯ টিকাকৰণৰ কাৰেণ ১৮–৪৪ বছৰীয়াই কো–উইনযোগে ক’ভিড কেন্দ্রতে ভেকচিনৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব আৰু থিতাতেই ভেকচিন লোৱাৰ সুযোগ পাব৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে এই ঘোষণা কৰিছে৷ চৰকাৰৰ দ্বাৰা পৰিচালিত ভেকচিন কেন্দ্রসমূহতো এই সুবিধা লাভ কৰিব পাৰিব বুলিও প্রকাশ কৰিছে৷ ব্যক্তিগত চিকিৎসালয়ৰ টিকাকৰণ কেন্দ্রত এনেধৰণৰ সুবিধা নাথাকিব৷ ব্যক্তিগত চিকিৎসালয়ৰ টিকাকৰণ কেন্দ্রত পূর্বৰ দৰেই অনলাইনযোগে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ চৰকাৰী টিকাকৰণ কেন্দ্রত এই সুবিধা আজি ঘোষণা কৰিছে৷

You might also like