নিয়মীয়া বাৰ্তা ২৭ মেঃ ক’ৰোনাৰ হটস্পটত পৰিণত গুৱাহাটী মহানগৰীৰ চৌদিশে তীব্র আতংকই বিৰাজ কৰি থকাৰ মাজতে আজি উলুবাৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়৷ উলুবাৰী শ্মশানৰ সমীপত কুকুৰে এটা আধাপোৰা মানৱ দেহৰ অংশ কঢ়িয়াই ফুৰা ঘটনাক লৈ অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ ক’ৰোনাত আক্রান্ত লোকৰ মৃতদেহ সৎকাৰ কৰা উলুবাৰী ৰাজহুৱা শ্মশানৰ সমূপত কুকুৰে এটা আধাপোৰা মৃতদেহৰ ভৰিৰ অংশ কঢ়িয়াই ফুৰাত একাংশ লোকে এয়া ক’ভিডত মৃত্যুবৰণ কৰা লোকৰ ভৰিৰ অংশ বুলি শংকিত হৈ পৰে৷
এই খবৰ নিমিষতে ছ’চিয়েল মিডিয়াত প্রচাৰ হোৱাত একাংশ সংবাদ মাধ্যমে বাতৰি প্রচাৰ কৰাত অঞ্চলজুৰি তীব্র চাঞ্চল্য বিৰাজ কৰে৷ প্রত্যক্ষদর্শীয়ে এয়া ক’ভিডত মৃত্যুবৰণ কৰা লোকৰ আধাপোৰা ভৰিৰ অংশ হ’ব পাৰে বুলি সন্দেহ ব্যক্ত কৰে যদিও শ্মশান পৰিচালনা সমিতিয়ে এই অভিযোগ পোনচাটেই নাকচ কৰিছে৷ অৱশ্যে শ্মশানত সৎকাৰ কৰিবলৈ অনা আন কোনো সাধাৰণভাৱে মৃত্যুবৰণ কৰা লোকৰ ভৰিৰ অংশ হ’ব পাৰে বুলি শ্মশান পৰিচালনা সমিতিৰ তৰফৰ পৰা অস্বীকাৰ কৰা নাই৷
ইপিনে, এই খবৰ চৌদিশে বিয়পি পৰাৰ লগে লগে কামৰূপ মহানগৰ জিলা প্রশাসনে এয়া ক’ভিড আক্রান্ত মৃতদেহৰ অংগ নহয় বুলি সদৰী কৰে৷ এক বিবৃতিত মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথে কয় যে যোৱা ২৫ মে’ত উলুবাৰী শ্মশানত সন্ধিয়া ৬.৩০ বজাত ক’ভিড আক্রান্ত ব্যক্তিৰ মৃতদেহ সৎকাৰ কৰা হয়৷ পৰৱর্তী সময়ত শ্মশানত চৰকাৰীভাৱে নিয়োগ কৰা কর্মচাৰীয়ে শ্মশানথলী পৰিষ্কাৰ কৰি ওলাই আহে৷ কিন্তু নিশা প্রায় আঠ বজাত কোনো লোকে সাধাৰণভাৱে মৃত্যুবৰণ কৰা ব্যক্তিৰ মৃতদেহ শ্মশানলৈ লৈ আহি সৎকাৰৰ ব্যৱস্থা কৰে৷ শ্মশানত চিতা জ্বলি থকা অৱস্থাত পৰিয়ালটোৰ সদস্যসকলে শ্মশান ত্যাগ কৰা বুলি সদৰী কৰি এই ক্ষেত্রত সাধাৰণভাৱে মৃত্যুবৰণ কৰা লোকজনৰ আধাপোৰা অংগ নজ্বলাকৈ ৰৈ যোৱাটো স্বাভাৱিক বুলি অতিৰিক্ত উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে৷ সেয়া লাগিলে যিয়েই নহওক, স্থানীয় লোক এই লৈ এতিয়াও শংকিত৷