নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ খং ! খং উঠিলে মানুহৰ মানসিক অৱনতি ঘটি এনে এক পৰ্যায় পায়গৈ যে যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। কিন্তু আপুনি জানেনে কিমান খং উঠিলে মানুহে নিজৰ প্ৰিয় যিকোনো বস্তু জ্বলাই দিব পাৰে ?
এনে এক অনুৰূপ ঘটনাই সংঘটিত হৈছে ৰাজধানী দিল্লীত । দিল্লীৰ এজন ২০ বছৰীয়া যুৱকে তেওঁৰ নিজৰ বাইকেৰে গৈ থকাৰ সময়তে ৰাষ্টাত যানবাহন আৰক্ষীয়ে ৰখায় । কিছু যানবাহন আইন উলংঘন কৰাৰ অপৰাধত তেওঁক জৰিমনা ভৰাই আৰক্ষীয়ে ।
কিন্তু এই ঘটনাৰ পিছতে ক্ষুব্ধ হৈ যুৱকজনে আৰক্ষীৰ সন্মুখতে অগ্নিসংযোগ কৰে নিজৰ বাইকখন ।
অৱশ্যে পৰৱৰ্তীসময়ত আৰক্ষীয়ে বাইকখনৰ জুই নোমোৱাই আৰু যুৱকজনক আটক কৰে ।