নিয়মীয়া বাৰ্তা, ২৯ মেঃ সামুদ্রিক ধুমুহা ‘য়াশ’–এ বিধ্বস্ত কৰা ওড়িশা আৰু পশ্চিমবংগৰ ক্ষতিগ্রস্ত অঞ্চল শুকুৰবাৰে আকাশমার্গেৰে পৰিদর্শন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ যোৱা ২৬ মে’ত বংগোপসাগৰসৃষ্ট সামুদ্রিক ধুমুহাই ওড়িশা আৰু পশ্চিমবংগৰ উপকূলীয় অঞ্চলসমূহত সংহাৰ চলাই বিস্তৰ ক্ষতি কৰাৰ পাছত শুকুৰবাৰে প্রধানমন্ত্রীগৰাকীয়ে দুয়োখন ৰাজ্যৰ ক্ষতিগ্রস্ত অঞ্চল পৰিদর্শন কৰাৰ লগতে পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে৷
শুকুৰবাৰে পুৱা প্রথমে ওড়িশাৰ ভুবনেশ্বৰত উপস্থিত হৈ প্রধানমন্ত্রী মোদীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্রী নবীন পাটনায়কৰ সৈতে সামুদ্রিক ঘূর্ণিত বিধ্বস্ত অঞ্চলসমূহৰ ক্ষয়–ক্ষতিৰ বুজ লয়৷ মুখ্যমন্ত্রী পাটনায়কে ৰাজ্যখনত হোৱা ক্ষতি সন্দর্ভত বিতং তথ্য আগবঢ়ায় যদিও তাৎক্ষণিকভাৱে কেন্দ্রীয় চৰকাৰৰ পৰা কোনো সাহায্যৰ বাবে অনুৰোধ নজনায়৷ ইয়াৰ বিপৰীতে দীর্ঘকালীন সমস্যাটোৰ সমাধানৰ বাবে কেন্দ্রক পদক্ষেপ গ্রহণ কৰাৰ বাবে অনুৰোধ জনায় মুখ্যমন্ত্রীগৰাকীয়ে৷
প্রধানমন্ত্রীৰ এই পর্যালোচনা বৈঠকত কেন্দ্রীয় মন্ত্রীদ্বয় ধর্মেন্দ্র প্রধান আৰু প্রতাপ সাৰেংগী উপস্থিত থাকে৷ ভুবনেশ্বৰত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীক বিমানবন্দৰত ৰাজ্যখনৰ ৰাজ্যপাল গণেশ লাল, মুখ্যমন্ত্রী নবীন পাটনায়ক, কেন্দ্রীয় মন্ত্রীদ্বয়ে আদৰণি জনায়৷
ইপিনে, ওড়িশাৰ ক্ষতিগ্রস্ত অঞ্চল পৰিদর্শন কৰাৰ কিছু সময় পাছত প্রধানমন্ত্রী মোদী পশ্চিমবংগত উপস্থিত হয়৷ মেদিনীপুৰৰ কালাইকুন্দা বিমান ঘাটিত প্রধানমন্ত্রী মোদীক ৰাজ্যপাল জগদীপ ধানখৰসহ উচ্চ পর্যায়ৰ বিষয়াসকলে আদৰণি জনায়৷ এই বিমান ঘাটিতে প্রধানমন্ত্রী মোদীৰ সৈতে সামুদ্রিক ঘূর্ণি য়াশৰ ফলত ক্ষতিগ্রস্ত অঞ্চলক লৈ পর্যালোচনা বৈঠকত মুখ্যমন্ত্রী মমতা বেনার্জী নির্ধাৰিত সময়তকৈ ৩০ মিনিট পলমকৈ উপস্থিত হয়৷
তাৎপর্যপূর্ণ যে পর্যালোচনা বৈঠকৰ বাবে মুখ্যমন্ত্রী বেনার্জীক ৩০ মিনিট সময় অপেক্ষা কৰিবলগীয়াত পৰে স্বয়ং প্রধানমন্ত্রী৷ অলপতে অনুষ্ঠিত হৈ যোৱা পশ্চিমবংগ বিধানসভা নির্বাচনৰ সময়ত কেন্দ্রত শাসনাধিষ্ঠত বিজেপিৰ সৈতে ৰাজ্যখনৰ শাসকীয় মুখ্যমন্ত্রী মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছৰ সংঘাতৰ পৰিণতিত প্রধানমন্ত্রী মোদীৰ সৈতে হোৱা তিক্ততা স্পষ্ট ৰূপত প্রতিফলিত কৰিলে মুখ্যমন্ত্রীগৰাকীয়ে৷ ৩০ মিনিট পলমকৈ পর্যালোচনা বৈঠকলৈ অহা মুখ্যমন্ত্রী বেনার্জীয়ে ক্ষতিগ্রস্ত অঞ্চলৰ প্রাৰম্ভিক প্রতিবেদন প্রদান কৰিয়েই বৈঠকৰ পৰা আঁতৰি যায়৷ মাত্র ১০ মিনিটৰ বাবে প্রধানমন্ত্রীৰ সৈতে মিলিত হোৱা বেনার্জীয়ে পর্যালোচনা বৈঠকখনত উপস্থিত নাথাকিল৷ কার্যতঃ কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত চলি থকা সংঘাত স্পষ্ট কৰি দিলে মুখ্যমন্ত্রীগৰাকীয়ে৷
উল্লেখ্য যে এই বৈঠকত ৰাজ্যপাল জগদীপ ধানখৰ, বিজেপিৰ নন্দীগ্রামৰ বিধায়ক শুভেন্দু অধিকাৰীসহ অনেকজন উপস্থিত আছিল৷ বৈঠকত অংশগ্রহণ নকৰা মুখ্যমন্ত্রী বেনার্জীয়ে কয়– প্রধানমন্ত্রীয়ে বৈঠক আয়োজন কৰিছিল৷ আমি জনা নাছিলোঁ৷ মোৰ এখন দিঘাত বৈঠক আছে৷ মই কালাইকুন্দালৈ গৈছিলোঁ আৰু প্রধানমন্ত্রীক প্রতিবেদন দাখিল কৰিছোঁ৷ দিঘা আৰু সুন্দৰবন উন্নয়নৰ বাবে ২০ হাজাৰ আৰু ১০ হাজাৰ কোটি টকা বিচাৰিছোঁ৷
ইপিনে, ওড়িশা আৰু পশ্চিমবংগৰ ক্ষতিগ্রস্ত অঞ্চল পৰিদর্শন কৰাৰ লগতে পর্যালোচনা বৈঠকত অংশ লোৱা প্রধানমন্ত্রী মোদীয়ে তাৎক্ষণিকভাৱে সাহায্য কার্যকলাপৰ বাবে ১,০০০ কোটি টকাৰ বিত্তীয় সাহায্য ঘোষণা কৰিছে৷ ইয়াৰে ভিতৰত ওড়িশা ৫০০ কোটি, পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ বাবে ৫০০ কোটি টকা আগবঢ়াইছে৷ পিছলৈ ক্ষয়–ক্ষতিৰ প্রতিবেদন পূর্ণাংগ হ’লেই এই ধনৰাশি বৃদ্ধি হ’ব৷
উল্লেখ্য যে সামুদ্রিক ধুমুহা য়াশে সংহাৰী ৰূপ ধাৰণ কৰি আঁতৰি যোৱাৰ পাছত প্রবল বৰষুণ হৈ আছে পশ্চিমবংগত৷ এই বৰষুণৰ সময়ছোৱাত হোৱা বজ্রপাতত ৫জন লোকৰ মৃত্যু ঘটিছে৷ দুর্যোগ ব্যৱস্থাপনা বিভাগে প্রকাশ কৰা মতে মুর্ছিদাবাদ জিলাৰ হৰিহৰপাৰাত তিনিজন, নাদীয়া জিলাৰ নাকাছিপাৰাত এজন আৰু পূব মেদিনীপুৰৰ নন্দীগ্রামত দুজন লোক নিহত হৈছে৷