নিয়মীয়া বাৰ্তা, ২৯ মেঃ ধীৰ গতিৰে ক’ভিড–১৯ৰ সংক্রমণ দেশজুৰি হ্রাস পাবলৈ ধৰিছে৷ ঘাতক ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে সংহাৰী ৰূপ লৈ পৰিস্থিতি বিপজ্জনক কৰি তোলাৰ পাছত বিগত সপ্তাহ ধৰি আক্রান্তৰ সংখ্যা হ্রাস পাবলৈ ধৰিছে৷ যোৱা ২৪ ঘণ্টাত দেশত আক্রান্ত হৈছে ১.৮৬ লাখ৷ এই আক্রান্তৰ সংখ্যা হৈছে বিগত ৪৪ দিনৰ মূৰকত এদিনত সর্বনিম্ন৷
ইপিনে, বিগত প্রায় মাহজোৰা এদিনত মৃতকৰ সংখ্যাই প্রতিদিনে বর্ধিত হৈ থকাৰ পাছত যোৱা ২৪ ঘণ্টাত মৃতকৰ সংখ্যাও হ্রাস পাইছে৷ অৱশ্যে মৃতকৰ সংখ্যা এতিয়াও তিনি সহস্রাধিক হৈ আছে৷ যোৱা ২৪ ঘণ্টাত দেশজুৰি মৃত্যু ঘটিছে ৩,৬৬০জনৰ৷
মন কৰিবলগীয়া যে বিগত ১০ দিন ধৰি আক্রান্তৰ তুলনাত সুস্থৰ সংখ্যা বৃদ্ধি পাই আছে৷ যোৱা ২৪ ঘণ্টাতো আক্রান্ততকৈ সুস্থৰ সংখ্যা অধিক৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ১.৮৬ লাখ আক্রান্ত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ২.৫৯ লাখ৷ দেশজুৰি আক্রান্ত ২.৭৫ কোটিৰ অধিক হোৱাৰ বিপৰীতে সুস্থ হৈ উঠা লোকৰ সংখ্যা ২.৪৮ কোটি৷ অর্থাৎ দেশজুৰি সুস্থতাৰ হাৰ ৯০.৩৪ শতাংশ৷
স্বাস্থ্য মন্ত্রালয়ৰ তথ্য মতে সাপ্তাহিক পজিটিভিটীৰ হাৰ ১০.৪২ শতাংশ আৰু দৈনিক পজিটিভিটীৰ হাৰ ৯ শতাংশ৷ বিগত চাৰি দিন ধৰি একেৰাহে পজিটিভিটীৰ হাৰ ১০ শতাংশতকৈ কম৷ আনপিনে দেশজুৰি ক’ভিড–১৯ পৰীক্ষণ কৰা হৈছে ৩৩.৯০ কোটিৰ অধিক লোকৰ৷
মন কৰিবলগীয়া যে দেশজুৰি আজি পুৱালৈকে ২০.৫ কোটি ভেকচিন ড’জ প্রদান কৰা হৈছে৷ ইপিনে, দেশৰ ৰাজধানী নতুন দিল্লীত সম্প্রতি পজিটিভিটীৰ হাৰ দুই শতাংশলৈ নিম্নগামী হোৱাত মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে অহা ৩১ মে’ৰ পৰা ৰাজধানী চহৰখনত আনলক ঘোষণা কৰিছে৷ উক্ত দিনাৰে পৰা কাৰখানা, উদ্যোগৰ লগতে নির্মাণখণ্ডৰ কার্যকলাপ আৰম্ভ হ’ব৷
উল্লেখ্য যে দিল্লীত পজিটিভিটীৰ হাৰ ৩৫ শতাংশলৈ বর্ধিত হৈ বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে যোৱা ১৯ এপ্রিলৰ পৰা মুখ্যমন্ত্রী কেজৰিৱালে লকডাউন ঘোষণা কৰিছিল৷ সেই লকডাউনৰ সময়সীমা কেইবাবাৰো সপ্তাহভিত্তিত বৃদ্ধি কৰি অহা ৩১ মে’লৈ বাহাল ৰাখে৷ ৩১ মে’ত লকডাউন উঠাই লৈ আনলক ঘোষণা কৰিছে৷ অর্থাৎ ১ জুন সোমবাৰৰ পৰাই ৰাজধানী চহৰখনৰ কাৰখানা, উদ্যোগ, অর্থনৈতিক কার্যকলাপ পুনৰ আৰম্ভ হ’ব৷ক’ভিড–১৯ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ ধাৰা চলি থকাৰ সমান্তৰালকৈ ক’ভিড–১৯ টিকাকৰণ অভিযানো চলি আছে৷ এই সন্দর্ভত কেন্দ্রীয় মন্ত্রী প্রকাশ জাভাড়েকাৰে ঘোষণা কৰে যে ২০২১ বর্ষৰ ডিচেম্বৰৰ ভিতৰত দেশৰ সকলোকে টিকাকৰণৰ দ্বাৰা সামৰি লোৱা হ’ব৷
কেন্দ্রীয় মন্ত্রী জাভাড়েকাৰে ডিচেম্বৰৰ ভিতৰত সকলোৰে টিকাকৰণ হ’ব বুলি এই সময়ত প্রকাশ কৰিছে, যি কথা ইতিমধ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়েও ঘোষণা কৰিছে৷ ডিচেম্বৰলৈ ভাৰতত ২১৫ কোটি ড’জ ভেকচিন উৎপাদন হ’ব৷ ইয়াৰ জৰিয়তে ১০৮ কোটি জনতাক ভেকচিন দিব পৰা যাব৷ অর্থাৎ ডিচেম্বৰৰ ভিতৰত দেশৰ সকলো লোকে ভেকচিন লাভ কৰিব পাৰিব৷ তেনেদৰে ডি আৰ ডি অ’ৰ দ্বাৰা বিকশিত ক’ভিড প্রতিৰোধী ঔষধ ২–ডিজিৰ মূল্য প্রতি পেকেটত ৯৯০ টকা ধার্য কৰিছে ডাঃ ৰেড্ডিজ লেবৰেটৰী লিমিটেডে৷ এই ক’ভিড প্রতিৰোধী ঔষধ চৰকাৰী হাস্পতালৰ জৰিয়তেহে ৰোগীয়ে লাভ কৰিব৷ কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহে এই ঔষধবিধ ৰেহাই মূল্যত লাভ কৰিব৷