বিশুদ্ধ খোৱাপানী যোগানৰ নামত প্রহসন
নিয়মীয়া বাৰ্তা, ২৯ মেঃ ২০ লক্ষাধিক লোকে বসবাস কৰা গুৱাহাটীত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে মহানগৰবাসীয়ে৷ বিশুদ্ধ খোৱাপানী যোগানৰ বাবে ৰাজ্য চৰকাৰে শ শ কোটি টকাৰ কেইবাখনো অভিলাষী আঁচনি গ্রহণ কৰাৰ পাছতো আজিপর্যন্ত বিশুদ্ধ খোৱাপানী লাভৰ পৰা বঞ্চিত হৈ আছে মহানগৰবাসী৷ গুৱাহাটীত বসবাস কৰা মাত্র ৩০ শতাংশ লোকেহে বিশুদ্ধ খোৱাপানী লাভ কৰিছে৷ ইয়াৰ বিপৰীতে ৭০ শতাংশ লোক এতিয়াও খোৱাপানী লাভৰ পৰা বঞ্চিত হৈ আহিছে৷ যি ৩০ শতাংশ লোকে বিশুদ্ধ খোৱাপানী লাভ কৰিছে সেয়াও নিয়মীয়া নহয়৷ জনস্বাস্থ্য কাৰিকৰী বিভাগ, গুৱাহাটী পৌৰ নিগমৰ বিষয়া–কর্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ বাবে মহানগৰবাসীয়ে বিশুদ্ধ খোৱপানী লাভৰ বঞ্চিত হ’বলগীয়া হৈছে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগানত চূড়ান্তভাৱে ব্যর্থ হৈছে৷ এই বিভাগ দুটাৰ বিষয়া–কর্মচাৰীৰ হেমাহিৰ বাবেই মহানগৰীৰ বিভিন্ন স্থানত বসবাস কৰা লোকসকলে ব্যৱহাৰৰ অনুপযোগী পানী সেৱন কৰিবলগীয়া হৈছে৷
জনস্বাস্থ্যৰ প্রতি ভাবুকি সৃষ্টি কৰি বিগত প্রায় দহ দিন ধৰি পৌৰ নিগম কর্তৃপক্ষই লেতেৰা বোকা–পানী যোগান ধৰি আহিছে মহানগৰীৰ উজান বজাৰ, শিলপুখুৰী, গুৱাহাটী ক্লাব, চানমাৰি, লাচিত নগৰ, ৰাজগড়কে ধৰি বিভিন্ন অঞ্চলত৷ কেৱল এয়াই নহয়, গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই মহানগৰীৰ বিভিন্ন স্থানত প্রতিদিনে হাজাৰ হাজাৰ লিটাৰ পানী অপচয় হৈ আহিছে৷ পানী পৰিবাহী পাইপসমূহ বিভিন্ন স্থানত ফুটি কৃত্রিম বানৰ সৃষ্টি কৰি আহিছে৷ মহানগৰীৰ বিভিন্ন স্থানত ফুটি থকা পানী পৰিবাহী পাইপ মেৰামতি কৰাৰ ক্ষেত্রতো পৌৰ নিগম কর্তৃপক্ষই গুৰুত্ব প্রদান কৰা নাই৷ ফলস্বৰূপে মহানগৰীৰ বিভিন্ন স্থানত হাজাৰ হাজাৰ লিটাৰ পানী প্রতিদিনে অপচয় হৈছে৷
উল্লেখনীয় যে কেন্দ্রীয় চৰকাৰে নতুন দিল্লীকে ধৰি ২০খন ৰাজ্যৰ ৰাজধানী চহৰত খোৱাপানীৰ গুণগত মানৰ সম্পৰীক্ষা চলাবলৈ ব্যুৰ’ অৱ ইণ্ডিয়া ষ্টেণ্ডার্ডক দায়িত্ব অর্পণ কৰিছিল৷ ২০১৯ চনৰ নৱেম্বৰ মাহত প্রকাশ পোৱা প্রতিবেদন অনুসৰি সংস্থাটোৱে গুৱাহাটীৰ ১০টা স্থানত খোৱাপানীৰ নমুনা পৰীক্ষা কৰিছিল৷ এই পৰীক্ষাত গুৱাহাটীৰ ১০টা স্থানৰে পানী খোৱাৰ বাবে উপযোগী নহয় বুলি প্রতিবেদন প্রকাশ পাইছে৷ এই প্রতিবেদন প্রকাশ পোৱাৰ পাছতো জনস্বাস্থ্য কাৰিকৰী বিভাগ, গুৱাহাটী পৌৰ নিগমকে ধৰি বিশুদ্ধ খোৱাপানী যোগান ধৰা অন্যান্য বিভাগসমূহে মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ নামত শ শ কোটি টকা লুণ্ঠন চলাই আহিছে৷ জনস্বাস্থ্যৰ প্রতি ভাবুকি সৃষ্টি কৰা পানী মহানগৰবাসীক যোগান ধৰি অহা বিষয়টোৱে জনস্বাস্থ্য কৰিকৰী বিভাগ আৰু পৌৰ নিগমৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাকে উদঙাই দিছে৷