‘হোম আইছ’লেচন’ৰ ক্ষেত্রত কঠোৰ কামৰূপ মহানগৰ জিলা প্রশাসন
নিয়মীয়া বাৰ্তা, ২৯ মেঃ কামৰূপ মহানগৰ জিলাৰ ক’ভিড সম্পর্কীয় বিভিন্ন বিষয় পর্যালোচনাৰ বাবে শুকুৰবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেল, ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ মিছন সঞ্চালক ড০ লক্ষ্মনন এছৰ উপস্থিতিত এখন গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হয়৷
জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, গুৱাহাটী পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্ত, ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমৰ বিশেষ কর্তব্যৰত বিষয়া পমী বৰুৱাৰ উপৰি প্রশাসনৰ আন আন বিষয়া তথা জিলাখনৰ ভালেসংখ্যক স্বাস্থ্যকর্মী উপস্থিত থকা এই সভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্রধান সচিবগৰাকীয়ে জিলাখনত ক’ভিড নিয়ন্ত্রণৰ বাবে গ্রহণ কৰা বিভিন্ন কাম–কাজৰ পর্যালোচনা কৰাৰ উপৰি ‘ হোম আইছ’লেশ্বন’ৰ বিষয়টোত বিশেষভাৱে গুৰুত্ব দিবলৈ নির্দেশ দিয়ে৷ বিগত সময়খিনিত ক’ভিডত আক্রান্ত হৈ মৃত্যুবৰণ কৰা লোকসকলৰ ভিতৰত পঞ্চাছ বছৰৰ ঊর্র্ধ্বৰ সংখ্যা অধিক হোৱাৰ প্রতি লক্ষ্য ৰাখি পঞ্চাশ ঊর্ধ্বৰ আক্রান্তসকলক চিকিৎসালয়ত ভর্তি কৰোৱাতো বাধ্যতামূলক কৰা বিষয়টোতো গুৰুত্ব দিবলৈ তেওঁ প্রশাসনক অনুৰোধ জনায়৷
ক’ভিড আক্রান্তক উন্নত চিকিৎসা প্রদানৰ উপৰি প্রতিষেধক প্রদানৰ বিষয়টোকো চৰকাৰে গুৰুত্বসহকাৰে লৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে গাঁৱৰ ভিতৰত ক’ভিডে যাতে সংহাৰী ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰবাবে গাঁও পর্যায়ত গাঁওবুঢ়াক লৈ একোখনকৈ সমিতি গঠন কৰা হ’ব আৰু ‘ হো’ম আইছ’লেচন’ৰ বিধি ভংগ কৰিলে এই সমিতিখনে সংশ্লিষ্ট কর্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিব৷ উল্লেখযোগ্য যে ক’ভিড আক্রান্তই ‘হোম আইছ’লেচন’ বিধি কঠোৰভাৱে মানি চলিছেনে নাই সেয়া মাজে মাজে তদাৰক কৰিবলৈ স্বাস্থ্যকর্মীৰ লগতে আৰক্ষীকো নিয়োগ কৰা হ’ব৷