নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহামাৰীত পৰিত্যক্ত পোহনীয়া পশু–পক্ষী

দুর্যোগৰ সময়ত গৃহস্থক সংগ নালাগে প্রভুভক্ত কুকুৰৰ

নিয়মীয়া বাৰ্তা ২৯ মেঃ ক’ভিড–১৯ মহামাৰীয়ে মানুহৰ সমান্তৰালকৈ পোহনীয়া জীৱ–জন্তু তথা পক্ষীকুললৈ নমাই আনিছে ভাবুকি৷ লক্ষণীয়ভাৱে ক’ভিড–১৯ মহামাৰী প্রতিৰোধী লকডাউনৰ বাবে বহু লোকেই পোহনীয়া কুকুৰ, মেকুৰীক পৰিত্যক্ত অৱস্থাত পথত এৰি দিছে৷ বহুতেই ঘৰত পশু–পক্ষী লালন কৰি মানৱীয়তাৰ নিদর্শন দাঙি ধৰিবলৈ চেষ্টা কৰিছিল যদিও এই দুর্যোগৰ সময়ত মৰমৰ পোহনীয়া কুকুৰ, মেকুৰী আৰু পক্ষীবোৰক ঘৰৰ পৰা দূৰত থৈ আহিছে৷ ইয়াৰ বাবেই প্রকৃতিপ্রেমী সংগঠনবোৰ সমস্যাৰ সন্মুখীন হৈছে৷

পশু–পক্ষী উদ্ধাৰ কৰি তাক সংৰক্ষণৰ ব্যৱস্থা কৰিব বিচৰা সংগঠনবোৰক ক’ভিড–১৯ প্রতিৰোধী নিষেধাজ্ঞাৰ বাবে বাহিৰলৈ ওলাব পৰা নাই৷ পশু অধিকাৰ কর্মীসকলে সংবাদ মাধ্যমক জনোৱা অনুসৰি এই মুহূর্তত দেশৰ বিভিন্ন চহৰত পৰিত্যক্ত অৱস্থাত থকা পশু–পক্ষীবোৰক প্রয়োজনীয় খাদ্য যোগান ধৰাটো কঠিন হৈ পৰিছে৷ দিল্লীস্থিত পশু অধিকাৰ সংস্থা এটাৰ কর্মী অভিনৱ ছাৰহানে সংবাদ মাধ্যমক জনোৱা অনুসৰি পশু আৰু পক্ষীপ্রেমী বুলি পৰিচয় দিয়া বহু লোকে এই দুর্যোগৰ সময়ত নির্দয়ভাৱে ঘৰৰ পৰা দূৰৈত থৈ গৈছে কুকুৰ, মেকুৰী আৰু চৰাইবোৰ৷

এনে পৰিত্যক্ত পশু–পক্ষীৰ বাবে চৰকাৰেও গ্রহণ কৰা নাই কোনো ধৰণৰ আঁচনি নাইবা প্রকৃতিপ্রেমী সংগঠনবোৰকো এনে পশু–পক্ষী সংৰক্ষণৰ বাবে কোনো ধৰণৰ সাহায্য প্রদান কৰা নাই চৰকাৰে৷ পৰিণতিত কালিলৈকে বহুতৰ ঘৰত গৃহস্থৰ মৰম, স্নেহেৰে লালিত পশু–পক্ষীবোৰে এতিয়া ক্ষুধার্ত অৱস্থাত তিল তিলকৈ মৃত্যুৰ ক্ষণ গণিবলগীয়া হৈছে৷

You might also like