নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যৌন কেলেংকাৰিৰ বাবে নেইমাৰৰে সম্পর্ক ছেদ কৰিছিল নাইক কোম্পানীয়ে

নিয়মীয়া বাৰ্তা ২৯ মেঃ ব্রাজিলৰ ছুপাৰষ্টাৰ নেইমাৰৰ স’তে বিগত বর্ষত চুক্তি ভংগ কৰিছিল বিশ্বৰ আগশাৰীৰ স্প’টছৱেৰ কোম্পানী নাইকে৷ দীর্ঘ সময় ধৰি এই বিষয়ত মৌন হৈ থকা কোম্পানীটোৱে অৱশেষত আজি প্রকাশ কৰে যে যৌন কেলেংকাৰিৰ অভিযোগৰ বাবে নেইমাৰৰ স’তে সম্পর্ক ছেদ কৰিছিল নাইকে৷ সংস্থাটোৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে বিশ্বাসযোগ্য প্রমাণ থকা সত্ত্বেও সেই সময়ত যৌন কেলেংকাৰিৰ অভিযোগৰ তদন্ত প্রক্রিয়াত নেইমাৰে সহযোগ কৰা নাছিল৷ সেয়ে তেওঁৰ সৈতে কোম্পানীটোৱে চুক্তি ভংগ কৰিবলৈ বাধ্য হৈছিল৷ উল্লেখ্য যে ২০১৬ চনত নাইক কোম্পানীৰ এগৰাকী কর্মচাৰীৰ ওপৰত যৌন নির্যাতন চলাইছিল ফুটবলৰ পথাৰৰ অন্যতম শ্রেষ্ঠ ষ্টাইকাৰগৰাকীয়ে৷ ২০১৮ত এই ঘটনাৰ তদন্ত প্রক্রিয়া আৰম্ভ হৈছিল৷ তদন্ত প্রক্রিয়াত সহযোগ কৰিবলৈ নেইমাৰক নাইক কোম্পানীয়ে বাৰম্বাৰ আহ্বান জনাইছিল৷ কিন্তু তেওঁ এই আহ্বানৰ প্রতি সঁহাৰি নজনোৱাত বিশ্বৰ আগশাৰীৰ স্প’টছৱেৰ কোম্পানীটোৱে ছুপাৰ ষ্টাৰ নেইমাৰৰ স’তে চুক্তি ভংগ কৰে৷

You might also like