নিয়মীয়া বাৰ্তা, ২৯ মেঃ শ্বহীদলৈ উচিত সন্মান! পুলৱামা আক্ৰমণত শ্বহীদ মেজৰ বিভূতি শংকৰ ধণ্ডিয়ালৰ পত্নীক সেনাত দিলে নিযুক্তি।
পুলৱামাত শ্বহীদ হোৱা মেজৰ বিভূতি শংকৰ ধণ্ডিয়ালৰ পদাংক অনুসৰণ কৰি তেওঁৰ পত্নী নিকিতা কৌলে শনিবাৰে সেনাত যোগদান কৰে। সেনাৰ নৰ্ডাৰ্ণ কমাণ্ডৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৱাই কে যোশীয়ে তামিলনাডুৰ চেন্নাইৰ ট্ৰেইনিং একাডেমীত তেওঁৰ কান্ধত ষ্টাৰ লগায়। উধমপুৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ জনসম্পৰ্ক বিষয়াই (পিআৰঅ’) অফিচিয়েল টুইটাৰ হেণ্ডেলত অনুষ্ঠানটোৰ এটা চমু ভিডিঅ’ শ্বেয়াৰ কৰিছে।
উল্লেখ্য যে জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দি মেজৰ ধণ্ডিয়ালে বীৰগতি লাভ কৰে। ৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ ত্যাগৰ বাবে শৌৰ্য চক্ৰ (মৰণোত্তৰভাৱে) বঁটা প্ৰদান কৰা হয়। এই টুইটৰ পিছতে বহুলোকে সেনা আৰু শ্বহীদ সেনা জোৱানজনৰ পত্নীক প্ৰশংসা কৰিছে।
#MajVibhutiShankarDhoundiyal, made the Supreme Sacrifice at #Pulwama in 2019, was awarded SC (P). Today his wife @Nitikakaul dons #IndianArmy uniform; paying him a befitting tribute. A proud moment for her as Lt Gen Y K Joshi, #ArmyCdrNC himself pips the Stars on her shoulders! pic.twitter.com/ovoRDyybTs
— PRO Udhampur, Ministry of Defence (@proudhampur) May 29, 2021