ফাইনেলত বেটিঙে নির্ণয় কৰিব টীম ইণ্ডিয়াৰ ভাগ্য
নিয়মীয়া বাৰ্তা ২৯ মেঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতৰ ভাগ্য নির্ণয় কৰিব শক্তিশালী বেটিং লাইনআপে৷ নিউজিলেণ্ডৰ বিৰুদ্ধে অহা ১৮ জুনৰ পৰা ছাউদাম্পটনত অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূর্ণ মেচখন সন্দর্ভত এই মন্তব্য আগবঢ়াইছে ভাৰতৰ একালৰ কিংবদন্তি অলৰাউণ্ডাৰ কপিল দেৱে৷ ১৯৮৩ৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অধিনায়কগৰাকীয়ে কয় যে ইংলেণ্ডত সঘনাই বতৰ সলনি হৈ থকাৰ প্রতি লক্ষ্য ৰাখি ভাৰতে প্রতিটো ছেছনত সতর্কতাৰে খেলা উচিত হ’ব৷ ‘ভাৰতৰ এক শক্তিশালী বেটিং লাইনআপ আছে৷ তেওঁলোকে পৰিৱেশৰ সৈতে কিদৰে নিজকে খাপ খুৱাই লয় সেয়া গুৰুত্বপূর্ণ হ’ব৷ মোৰ মতে ভাৰতৰ বেটিঙে মেচৰ ফলাফল নির্ণয়ত মুখ্য ভূমিকা গ্রহণ কৰিব৷
শেহতীয়াকৈ ভাৰতৰ বলিং আক্রমণে বেটছমেনসকলক পূর্ণ সহযোগিতা আগবঢ়াইছে৷ কিন্তু বিশ্বমানৰ বেটছমেনসকলৰ ওপৰতহে মোৰ অধিক নজৰ থাকিব৷’– কপিলদেৱে এইদৰে কয়৷ ৬২ বছৰীয়া প্রাক্তন ক্রিকেটাৰগৰাকীয়ে বিৰাট কোহলি নেতৃত্বাধীন দলটোক অধিক আক্রমণাত্মক হোৱাৰ পৰা বিৰত থাকিবলৈও পৰামর্শ আগবঢ়ায়৷ ইংলেণ্ডৰ মাটিত সফল হ’বলৈ আৰম্ভণিতে ধৈর্যসহকাৰে খেলাটো অত্যন্ত প্রয়োজন হ’ব বুলি উল্লেখ কৰি কপিল দেৱে পুনৰ কয় যে ইংলেণ্ডত বেটছমেনে যথেষ্ট সতর্কতাৰে বলৰ গতি, ছুইং নিৰীক্ষণ কৰিব লাগিব আৰু সেই অনুসৰি ধৈর্যসহকাৰে খেলিব লাগিব৷ উল্লেখ্য যে ইংলেণ্ডৰ মাটিত কপিল দেৱে অধিনায়ক হিচাপে ভাৰতলৈ ঐতিহাসিক সাফল্য কঢ়িয়াই আনিছিল৷ ১৯৮৩ৰ বিশ্বকাপ জয়ৰ পিছতে ১৯৮৬ত তেওঁৰ নেতৃত্বত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে ২–০ৰ ব্যৱধানত টেষ্ট শৃংখলা জয় কৰিছিল৷