টেষ্ট চেম্পিয়নশ্বিপ: ৩ জুনত ইংলেণ্ডত উপস্থিত হ’ব টীম ইণ্ডিয়া
নিয়মীয়া বাৰ্তা, ৩০ মেঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত আৰু ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ বাবে বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়া অহা ৩ জুনত ইংলেণ্ডত উপস্থিত হ’ব৷ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে দলটোৰ খেলুৱৈসকলক হাম্পশ্বায়াৰৰ হোটেললৈ লৈ যোৱা হ’ব৷ তাত টীম ইণ্ডিয়াৰ তাৰকাসকলৰ ক’ৰোনা টেষ্ট সম্পন্ন কৰা হ’ব৷ ইয়াৰ পিছতে কোহলি বাহিনীৰ কোৱাৰেণ্টাইন প্রক্রিয়া আৰম্ভ হ’ব৷
জানিব পৰা অনুসৰি, কোৱাৰেণ্টাইনৰ সময়ছোৱাত প্রতি তিনি দিনৰ মূৰে মূৰে খেলুৱৈসকল ক’ভিড টেষ্টৰ সন্মুখীন হ’ব লাগিব৷ কোৱাৰেণ্টাইনৰ সময়ত তেওঁলোকে যাতে নিয়মিতভাৱে শৰীৰচর্চা কৰিব পাৰে, তাৰ সকলো সু–ব্যৱস্থা সাজু কৰি ৰাখিছে ইংলেণ্ড ক্রিকেট ব’র্ডে৷ কোৱাৰেণ্টাইনৰ সময়ছোৱাত ভাৰতীয় খেলুৱৈসকলক সৰু সৰু দলত বিভক্ত কৰি অনুশীলন কৰাৰ সুযোগ দিয়া হ’ব৷ ইংলেণ্ডত থাকিবলগীয়া এই দীঘলীয়া সময়ছোৱাত খেলুৱৈসকলে হোটেল আৰু ষ্টেডিয়ামৰ বাহিৰে আন ক’লৈকো যাব নোৱাৰিব৷
উল্লেখ্য যে ভাৰতে অহা ১৮ জুনৰ পৰা ইংলেণ্ডৰ ছাউদাম্পটনত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিব৷ এই মেচৰ বাবে নিউজিলেণ্ড দলটো ১৫ জুনত ছাউদাম্পটনত উপস্থিত হ’ব৷ দলটোৱে ইতিমধ্যে ইংলেণ্ডৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলা খেলিবলৈ ইংলেণ্ডত উপস্থিত হৈছে আৰু কঠোৰ জৈৱ সুৰক্ষিত আবেষ্টনীৰ ভিতৰত প্রৱেশ কৰিছে৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল শেষ নোহোৱা পর্যন্ত এই আবেষ্টনীৰ পৰা ওলাব নোৱাৰিব৷ ইফালে, টীম ইণ্ডিয়াই ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট শৃংখলা শেষ নোহোৱা পর্যন্ত জৈৱ সুৰক্ষিত আবেষ্টনীৰ ভিতৰত থাকিব লাগিব৷