নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰ আৰক্ষীৰ জালত এনএলএফবিৰ দুর্ধর্ষ কেডাৰ দীপক চৌধুৰী

নিয়মীয়া বাৰ্তা ৩১ মেঃ গুৱাহাটীত ৰেপিডোচালকৰ বেশত বাহৰ পাতি এন এল এফ বিৰ সাংগঠনিক কাম–কাজ চলাই আছিল দুর্ধর্ষ উগ্রপন্থী সদস্য দীপক চৌধুৰী ওৰফে ডেলঙে (৩২)৷ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত দেওবাৰে মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই নুনমাটিৰ ২নং শালবাৰীত অভিযান চলাই দুর্ধর্ষ এন এল এফ বি কেডাৰ ডেলঙক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত কেডাৰ ডেলঙৰ পৰা অভিযানকাৰী দলটোৱে নাইন এম এম পিষ্টলৰ কেইবাজাঁই সক্রিয় গুলী, এ এছ–০১ ই কে–১৫৩১ নম্বৰৰ ক’লা ৰঙৰ পালছাৰ আৰু বহু আপত্তিজনক নথি–পত্র উদ্ধাৰ কৰে৷

ঘটনা সন্দর্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/১২১ (এ)/১২২, ১২৪ আৰু আর্মছ এক্টৰ অধীনত নুনমাটি থানাত ৩১৩/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ ধৃত দীপক চৌধুৰীক দেওবাৰে কামৰূপ (মহানগৰ) জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত আৰক্ষীয়ে হাজিৰ কৰে৷ আদালতে দীপকক ছয় দিনৰ আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ আৰক্ষীৰ জেৰাত এন এল এফ বিৰ কেডাৰ দীপকে বহু বিস্ফোৰক তথ্য সদৰী কৰিছে৷ কিন্তু তদন্তৰ খাতিৰত আৰক্ষীয়ে এই তথ্য ৰাজহুৱা কৰা নাই৷ উল্লেখ্য যে বাক্সাৰ গোৰেশ্বৰৰ বাসিন্দা দীপক চৌধুৰীয়ে তিনি মাহ পূর্বে গুৱাহাটীলৈ আহি ভিনিহিয়েক বিশ্বজিৎ ৰায়ৰ ঘৰত আশ্রয় লৈ আছিল৷ ভিনিহিয়েকৰ ঘৰত আশ্রয় লৈ দীপক চৌধুৰীয়ে ৰেপিডো চলাই সাংগঠনিক কাম–কাজ অব্যাহত ৰখা বুলি অপৰাধ শাখাই তথ্য লাভ কৰিছিল৷

You might also like