নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীলা ছবি উপভোগৰ শীৰ্ষত ভাৰতবৰ্ষ

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ ভাৰতীয় লোকসকলৰ নীলা বোলছবিৰ উপভোগ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। আনকি ভাৰতীয় লোকসকলে আমেৰিকাকো চেৰ পেলাইছে নীলা বোলছবি উপভোগৰ ক্ষেত্ৰত। যিমানেই স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পালে সিমানেই নীলা ছবিৰ উপভোগ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে ভাৰতত। শেহতীয়াকৈ প্ৰাপ্তবয়স্ক সকলৰ ৱেবচাইট পৰ্ণহাবে ইয়েৰ ইন ৰিভিউৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে । প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ভাৰতীয় সকলে স্মাৰ্টফোনত নীলা বোলছবি উপভোগ কৰাৰ সংখ্যা ৩ শতাংশলৈ বদ্ধি পাইছে । নীলা ছবি উপভোগ কৰা লোকসকলৰ সংখ্যা যোৱা দুই বছৰত বৃদ্ধি পাইছে ।

পৰ্ণহাবৰ প্ৰতিবেদনৰ মতে ২০১৭ত স্মাৰ্টফোনত ৮৬ শতাংশ লোকে উপভোগ কৰিছিল নীলাছবি। ২০১৯ এই সংখ্যা ৮৯ শতাংশলৈ বৃদ্ধি পাইছে। এই বৃদ্ধি তেতিয়া পাইছে যেতিয়া চৰকাৰে ৩০০তকৈ অধিক নীলা ছবিৰ ৱেবচাইত বন্ধ কৰিছে। শেহতীয়া তথ্য মতে নীলা ছবি স্মাৰ্টফোনত উপভোগ কৰি ভাল পায় ছবিপ্ৰেমী সকলে। কাৰণ স্মাৰ্টফোনত অধিক গোপনীয়তা থাকে লেপটপ অথবা কম্পিউতাৰতকৈ। ভাৰতত প্ৰায় এই সময়ত ৪৫ কোটি লোকে স্মাৰ্ট ফোন ব্যৱহাৰ কৰে। এইক্ষেত্ৰত অতি কম খৰচতে ইণ্টাৰনেট পেক উপলব্ধ হোৱাটো অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে।

You might also like