নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ আটাইতকৈ বয়সীয়াল মহিলাই জয় কৰিলে মাউণ্ট এভাৰেষ্ট…

নিয়মীয়া বাৰ্তা ৩১ মেঃ চিকাগোৰ এগৰাকী অৱসৰপ্ৰাপ্ত মহিলা যি মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা আটাইতকৈ বয়সীয়াল আমেৰিকান , আৰু হংকঙৰ এগৰাকী মহিলা যি এতিয়া পৃথিৱীৰ সৰ্বোচ্চ শৃংগৰ দ্ৰুততম মহিলা আৰোহী হিচাপে প্ৰতিষ্ঠিত হৈছে। দেওবাৰে মাউণ্ট এভাৰেষ্টৰ পৰা সুৰক্ষিতভাৱে উভতি আহিছিল য’ত আৰোহণকাৰী দলটো বেয়া বতৰ আৰু কৰোনাভাইৰাছৰ সৈতে যুঁজিব লগীয়া হৈছিল।

৭৫ বছৰীয়া আৰ্থাৰ মুইৰে এই মাহৰ আৰম্ভণিতে ৬৭ বছৰীয়া বয়সৰ আন এজন আমেৰিকান বিল বাৰ্কৰ  পৰ্বত আৰোহণ কৰা অভিলেখটো ভংগ কৰে।

আনহাতে হংকঙৰ ৪৫ বছৰীয়া চাং য়িন-হাঙে ২৫ ঘণ্টা ৫০ মিনিটত বেষ্ট কেম্পৰ পৰা  সুশৃংগ পৰ্বত  জয় কৰে। আৰু এই জয়ৰ লগে লগে চাং য়িন-হাঙে মাউণ্ট এভাৰেষ্ট জয় কৰা দ্ৰুততম মহিলা আৰোহী হিচাপে প্ৰতিষ্ঠিত হৈছে।

চিকাগোৰ আৰ্থাৰ মুইৰে জানিবলৈ দিয়ে যে পৰ্বতাৰোহণৰ সমান দুসাহিসক ক্ৰীয়া ইমান সহজ নহয় মাথো সাহসৰ বলতেই এই দুসাধ্য সমাধান কৰিবলৈ সক্ষম হৈছে। মইৰে ৬৮ বছৰ বয়স পৰ্বতাৰোহণ আৰম্ভ কৰিছিল আৰু মাউণ্ট এভাৰেষ্ট বগোৱাৰ আগতে দক্ষিণ আমেৰিকা আৰু আলাস্কা পৰ্বত ২০১৯ চনত জয় কৰিছিল।

You might also like