নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগ–ঝাৰখণ্ড-ওড়িশা-উত্তৰ পূবৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাক

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ দেশজুৰি অব্যাহত থকা কা বিৰোধী আন্দোলন প্ৰতিহত কৰাৰ বাবে সজাগতা অভিযান চলাব বিজেপিয়ে । দেশৰ ৰাজ্যসমূহৰ বিজেপিৰ জ্যেষ্ঠ নেতাসকলক দলে এই অভিযানৰ নেতৃত্ব দিছে । অহা ৫ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈকে চলিব এই সজাগতা অভিযান । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কার্যকৰী সভাপতি জে পি নাড্ডাই বৃহস্পতিবাৰে ‘কা’বিৰোধী প্রতিবাদক প্রত্যাহ্বান জনাবলৈ সজাগতা অভিযান চলোৱাৰ বাবে বিভিন্ন ৰাজ্যত একাধিক নেতাক দায়িত্ব অর্পণ কৰিছে৷

‘নেডা’ৰ আহ্বায়ক তথা অসমৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক উত্তৰ–পূর্বাঞ্চলৰ লগতে পশ্চিমবংগ, ঝাৰখণ্ড আৰু ওড়িশাৰ দায়িত্ব প্রদান কৰা হৈছে৷ এই ৰাজ্যকেইখনত বিজেপিৰ জ্যেষ্ঠ নেতা ৰাহুল সিন্হায়ো ড০ শর্মাৰ সৈতে নেতৃত্ব ল’ব৷ ৫ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ‘কা’ সজাগতা অভিযানত উত্তৰ প্রদেশ আৰু বিহাৰৰ দায়িত্ব প্রদান কৰা হৈছে অনিল জৈনক৷ আনপিনে অবিনাশ ৰায়ে নেতৃত্ব দিব মধ্যপ্রদেশ, উত্তৰাখণ্ড, দিল্লী আৰু ছত্তিশগড়ক৷

আন এগৰাকী জ্যেষ্ঠ নেতা সৰোজ পাণ্ডেক মহাৰাষ্ট্র, ৰাজস্থান, গুজৰাট, গোৱা আৰু দমন–ডিউৰ দায়িত্ব দিয়াৰ বিপৰীতে হাৰিয়ানা, পঞ্জাব, হিমাচল প্রদেশ, চণ্ডীগড় আৰু জম্মু–কাশ্মীৰৰ দায়িত্ব দিয়া হৈছে সুৰেশ ভাটক৷ একেদৰে দক্ষিণ ভাৰতৰ ৰাজ্য তামিলনাডু, অন্ধ্রপ্রদেশ, তেলেংগানা, কেৰালা, কর্ণাটক আৰু পুডুচেৰীৰ দায়িত্ব অর্পণ কৰা হৈছে জ্যেষ্ঠ নেতা ৰবীন্দ্র ৰাজুক৷ দেশব্যাপী নাগৰিকত্ব সংশোধনী আইনক লৈ চলা প্রতিবাদৰ ধাৰা শিথিল নোহোৱাৰ পৰিপ্রেক্ষিততেই শাসকীয় বিজেপিয়ে আইনখনক লৈ জনতাৰ মাজত সজাগতা অভিযান চলোৱাৰ লক্ষ্য লৈছে৷

উল্লেখ্য যে ইতিমধ্যে অসমকে ধৰি পশ্চিমবংগত বিজেপিয়ে আইনখনৰ সমর্থনত ঐক্য সমদল উলিওৱাৰ পাছত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ছ’চিয়েল মিডিয়াযোগে আইনখনৰ সমর্থনত ৰাজহুৱা সজাগতা অভিযান আৰম্ভ কৰিছে৷ গুৰুত্বপূর্ণ যে ‘কা’ আৰু এন আৰ চিক লৈ দেশৰ মুছলিম সম্প্রদায়ৰ মাজত শংকাৰ ভাব বিয়পি পৰাৰ পৰিপ্রেক্ষিততে দেশৰ প্রান্তে প্রান্তে প্রতিবাদৰ নামত হিংসাত্মক কার্যকলাপ সংঘটিত হৈছে৷ প্রতিবাদ শিথিল কৰাৰ বাবে প্রশাসনে কৌশল গ্রহণ কৰাৰ সমান্তৰালকৈ আইনখনক লৈ মুছলিম সম্প্রদায়ৰ মাজত সৃষ্ট ভ্রান্ত ধাৰণা আঁতৰ কৰাৰ লক্ষ্যৰে বিজেপিয়ে চলাব এই সজাগতা অভিযান৷

You might also like