ব্রিটেইনত কিশোৰক ফাইজাৰ ভেকচিনৰ অনুমতি
নিয়মীয়া বাৰ্তা ৫ জুনঃ গ্রেট ব্রিটেইনৰ ঔষধ নিয়ন্ত্রকে ১২–১৫ বছৰীয়া বায়’এনটেক–২ ফাইজাৰৰ ভেকচিন প্রদানত অনুমোদন জনাইছে৷ ইউৰোপীয় সংঘ আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ লগতে দেশখনৰ পৰীক্ষণৰ লগত বাৰম্বাৰ পর্যালোচনা কৰাৰ অন্তত ফাইজাৰ ভেকচিন শিশুৰ বাবে সুৰক্ষিত আৰু নিৰাপদ বুলি প্রমাণিত হয়৷ ইয়াৰ পাছতেই গ্রেট ব্রিটেইনৰ মেডিচিনছ এন হেল্থ কেয়াৰ প্রডাকছ ৰেগুলেৰিটীৰ এজেন্সীয়ে দেশখনত ১২–১৫ বছৰীয়াক ফাইজাৰৰ ক’ভিড ভেকচিন প্রদানত অনুমোদন জনাইছে৷