আমেৰিকাত বহু শিক্ষার্থীক পুনৰ ক’ভিড ভেকচিন লোৱাৰ নির্দেশ
নিয়মীয়া বাৰ্তা ৫ জুনঃ ক’ভিড মহামাৰী প্রতিৰোধৰ বাবে আমেৰিকাই যোৱা মার্চ মাহৰ পৰা চাৰি শতাধিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষার্থীসকলক ইতিমধ্যে ভেকচিন লোৱাটো বাধ্যতামূলক কৰিছে৷ কিন্তু যিসকল শিক্ষার্থীয়ে ভাৰতৰ ভেকচিন ‘ক’ভাক্সিন’ নাইবা ‘ৰাছিয়াত প্রস্তুত কৰা ‘স্পুটনিক–ভি’ লৈছে, তেনে শিক্ষার্থীসকলক পুনৰ ভেকচিন লোৱাৰ নির্দেশ দিছে চৰকাৰে৷ বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ তৰফৰ পৰা এই দুয়োটা ভেকচিনক এতিয়ালৈকে অনুমোদন দিয়া হোৱা নাই৷
লক্ষণীয়ভাৱে ভাৰতৰ এগৰাকী ছাত্রী মিলনী ডোছিয়ে কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে৷ ছাত্রীগৰাকী পূর্বে ক’ভাক্সিন ভেকচিনৰ দুটা ড’জ লৈছিল৷ ছাত্রীগৰাকীক এতিয়া কলম্বিয়া বিশ্ববিদ্যালয় কর্তৃপক্ষই পুনৰ ক’ভিড ভেকচিন ল’বলৈ নির্দেশ দিছে৷ বিদেশৰ পৰা আহি আমেৰিকাত অধ্যয়ন কৰি থকা এতিয়া বহু শিক্ষার্থীয়ে এই নতুন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ স্মর্তব্য যে ক’ভাক্সিন আৰু স্পুটনিক–ভি ভেকচিন বিশ্বৰ বহু দেশলৈ ভাৰত–ৰাছিয়াই প্রেৰণ কৰিছে যদিও দুয়োটা ভেকচিনকে অনুমোদন দিয়া নাই বিশ্ব স্বাস্থ্য সংস্থাই৷